নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাইত তিনি দিন ধৰি পৰিত্যক্ত টাটা ইণ্ডিকা ভিষ্টা বাহন, চাঞ্চল্য 

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ সমীপৰ উলুবাৰী-সোণাপুৰ গাওঁত যোৱা তিনি দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এখন টাটা ইণ্ডিকা ভিষ্টা বাহনক(AS 01 MB 5249)কেন্দ্র কৰি সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে টিপলাইৰ উলুবাৰী গাঁওৰ দুৰ্গা মন্দিৰৰ সমীপত পৰিত্যক্ত অৱস্থাত বগা ৰঙৰ টাটা ইণ্ডিকা ভিষ্টা চাৰিচকীয়া বাহন এথন যোৱা তিনিদিনৰে পৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কোনো লোকে গাঁওখনৰ কাৰবাৰ ঘৰলৈ আলহী অতিথি অহা বুলি ভাবিছিল যদিও যোৱা তিনি দিন ধৰি গাড়ী খনৰ কোনো মালিক নোলোৱাৰ বাবে সন্দেহ উপজে। গাড়ীখন কোনো লোকে চুৰ কৰি আনি উক্ত স্থানত এৰি থৈ পলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পৰিত্যক্ত অৱস্থাত থকা গাড়ীখনক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
প্ৰেৰক জ্যোতিষ নাথ
You might also like