নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ভয়ংকৰ দুৰ্ঘটনা : ৰে’লে মহটিয়াই নিলে টাটা নেন’

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : জোনাইৰ চিগাত আজি দিনৰ ২ বজাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ডেকাৰগাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখে আহি থকা এখন ৰে’লে এক কিলোমিটাৰ পৰ্যন্ত মহটিয়াই নিলে এখন চাৰিচকীয়া টাটা নেনো। শন্তপুৰৰ পৰা জোনাই অভিমুখে আহি থকা টাটা নেনো বাহনখনে ৰে’ললাইন পাৰ কৰিবলৈ লওঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। সৌভাগ্যক্ৰমে বাহনখনৰ ভিতৰত থকা দুজন লোকে প্ৰাণৰক্ষা পাবলৈ সক্ষম হয়। দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণ ৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS-12H-6912।
You might also like