নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ কিমান ভালপোৱা থাকিলে আৰু কিমান সন্মান থাকিলে নিজৰ শৰীৰত অংকন কৰিব পাৰে টাটু। হয় এজন যুৱকৰ অভূতপূৰ্ব কাৰ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি অংকন কৰি টাটু। যুৱকজনৰ নাম আদিত্য বৈশ্য। এই সন্দৰ্ভত আদিত্য বৈশ্যই কয় যে মোদী আৰু হিমন্ত বিশ্ব শৰ্মা মোৰ আদৰ্শ ব্যক্তি। তেওঁলোকৰ লগতে আছে অসমৰ ঐতিহ্য ৰংঘৰ আৰু কামাখ্যা মন্দিৰ। এয়া তেওঁলোকৰ বাবে মোৰ ফালৰ পৰা ডাঙৰ উপহাৰ বুলি মন্তব্য কৰে আদিত্য বৈশ্যই।
Prev Post
You might also like