নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাঃ প্রয়োজন শুদ্ধ অর্থনৈতিক সিদ্ধান্তৰ

ক’ভিড–১৯ৰ সংক্রমণ এতিয়াও সমগ্র ভাৰতত অতি স্পর্শকাতৰ অৱস্থাত আছে৷ অর্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ স্বার্থত দৈনন্দিন জীৱন যাত্রা স্বাভাৱিক কৰি তোলাৰ বাবে চৰকাৰে গ্রহণ কৰা আনলক প্রক্রিয়া আৰম্ভ কৰাৰ পিছত সংক্রমণ অধিক হাৰত বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালভাৱে ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়িছে৷ এই কথাত কোনো সন্দেহ নাই যে লকডাউন দীঘলীয়া কৰা হ’লে দেশৰ অর্থনীতি এনে এটা অৱস্থালৈ অৱনমিত হ’লহেঁতেন, য’ৰ পৰা প্রত্যাৱর্তন কৰাটো কঠিন হৈ পৰিলহেঁতেন৷ ইয়াৰ পৰিপ্রেক্ষিততে সংক্রমণৰ মাজতো আনলকৰ পদক্ষেপ পর্যায়ক্রমে গ্রহণ কৰিছে চৰকাৰে৷ শেহতীয়া এছ অ’ পি অনুসৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদানো শিক্ষানুষ্ঠানসমূহত নির্দিষ্ট নিয়মৰ মাজেৰে আৰম্ভ কৰা হ’ব৷ ক’ৰোনা পৰিস্থিতিৰ মাজত নিয়মিত জীৱন যাত্রাৰ এটা প্রক্রিয়া চৰকাৰে সুচিন্তিতভাৱে আৰম্ভ কৰাৰ চেষ্টা কৰিছে৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে মানুহে দায়িত্বজ্ঞানক উপেক্ষা কৰিব৷ প্রকৃততে এই জটিল সময়খিনিত সাৱধানতা অৱলম্বনৰ বাবে মানুহৰ মাজত দায়বদ্ধতা আৰু বেছি বৃদ্ধিহে পাইছে৷ চৰকাৰে সাধাৰণ জনতাৰ বিশেষকৈ দৰিদ্র শ্রেণীটোৰ দুখ–দুর্দশা লাঘৱ কৰাৰ বাবে অর্থনৈতিক কাম–কাজ স্বাভাৱিক কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ফলত দেশৰ অধিকাংশ মহানগৰলৈ দৈনন্দিন কাম–কাজত স্বাভাৱিক অৱস্থা একপ্রকাৰ ঘূৰি আহিছে৷ এই সময়খিনি হ’ল সংগ্রামৰ সময়৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহে বৃহৎ লোকচানৰ পৰা মুক্ত হ’বলৈ বিভিন্ন পৰিকল্পনা গ্রহণ কৰিছে৷ এই পৰিকল্পনাত মানৱ শক্তিৰ অৰিহণা হ’ব আটাইতকৈ বেছি৷ ইয়াৰ জৰিয়তে সমান্তৰালভাৱে নতুনকৈ চাকৰি সৃষ্টিৰ সম্ভাৱনাও উজ্জ্বল হৈ পৰিছে৷ লকডাউনৰ সময়ত বেচৰকাৰী বা অসংগঠিত খণ্ডত চাকৰি হেৰুওৱা লোকসকলে যাতে তুলনামূলকভাৱে কম পাৰিশ্রমিকৰ বিনিময়তো সংস্থাপন লাভ কৰে তাৰ এক পৰিৱেশ আৰম্ভ হৈছে৷ ইয়াৰ সুযোগ গ্রহণ কৰিবলৈ জনসাধাৰণৰ গৰিষ্ঠ অংশই মুকলি মনেৰে ওলাই আহিছে৷ ক’ভিড–১৯ৰ দৰে দানৱক পৰাভূত কৰিবলৈ কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও প্রস্তুত হোৱাৰ স্পষ্ট ইংগিত পোৱা গৈছে মানুহৰ মাজত৷ ইয়াৰ প্রমাণ হ’ল লকডাউনৰ সময়ত জনশূন্য হৈ থকা মহানগৰীৰ ৰাজপথ–কার্যালয়–ব্ প্রতিষ্ঠান আৰু সাধাৰণ দোকান–পোহাৰসমূহ৷ একাষাৰে ক’ব পাৰি যে ক’ভিড–১৯ৰ সংক্রমণৰ ৮ মাহৰ ভিতৰত মানুহে কঠোৰ বাস্তৱক স্বীকাৰ কৰি ল’বলৈ সাজু হৈছে৷ এই সময়খিনিত মানসিক দৃঢ়তাৰ লগতে মহামাৰীৰ সংক্রমণৰ বিৰুদ্ধে প্রতিজন নাগৰিকে সচেতনতাৰ পৰিচয় দি দায়বদ্ধ আচৰণ কৰিব লাগিব৷ মহামাৰীক প্রতিৰোধ কৰিবলৈ চিকিৎসা বিজ্ঞানে অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে৷ সুৰক্ষিত আৰু কার্যকৰী ভেকচিন উদ্ভাৱন নোহোৱা পর্যন্ত আগন্তুক কেইটামান মাহ ভাৰতৰ বাবে হ’ব অত্যন্ত স্পর্শকাতৰ৷
বিগত দুটা মাহত ভাৰতীয় নাগৰিকে যি দৃঢ়তা প্রদর্শন কৰিলে তাৰ পৰা কেন্দ্রীয় চৰকাৰ নিশ্চিত হ’ব পাৰে যে কেৱল ক’ভিড–১৯ক পৰাভূত কৰাৰ বাবেই নহয়, দেশৰ অর্থনীতিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ ক্ষেত্রত নিজৰ অৰিহণা আগবঢ়াবলৈ প্রতিজন ব্যক্তি এতিয়া প্রস্তুত৷ কিন্তু সাধাৰণ নাগৰিকে দেশৰ অর্থনীতিৰ পৰিকল্পনা নকৰে৷ এই দায়িত্ব চৰকাৰৰ৷ ইতিমধ্যে আগশাৰীৰ অর্থনীতিবিদসকলে জটিল অর্থনৈতিক পৰিস্থিতিক লৈ উৎকণ্ঠা ব্যক্ত কৰিছে যদিও ইয়াৰ লগতে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে বিভিন্ন পৰামর্শও আগবঢ়াইছে৷ কেন্দ্রীয় চৰকাৰৰ অর্থনৈতিক নীতি–নির্ধাৰকসকলে দেশৰ অর্থনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে এক শুদ্ধ আৰু সুদূৰপ্রসাৰী পৰিকল্পনা প্রস্তুত কৰিবই লাগিব৷ দেশৰ অর্থনীতি অৱনমিত হোৱাৰ মূল কাৰণ আন দেশসমূহৰ দৰে ক’ভিড–১৯ যদিও ভাৰতৰ ক্ষেত্রত এটা কথা ক’বই লাগিব যে বিগত বর্ষৰ পৰাই দেশখনৰ অর্থনৈতিক পৰিস্থিতি স্পর্শকাতৰ হৈ পৰিছে৷ ইয়াৰ অৱনমনত ইন্ধন যোগালে ক’ভিডৰ সংক্রমণে৷ এই মুহূর্তত চৰকাৰে যদি শুদ্ধ আৰু কার্যকৰী পদক্ষেপ লৈ অর্থনীতিলৈ আশাৰ সঞ্চাৰ কৰিব নোৱাৰে, তেন্তে ক’ভিডৰ লগতে অর্থনৈতিক পুনৰুদ্ধাৰৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে কঁকালত টঙালি বন্ধা জনসাধাৰণক প্রৱঞ্চনা কৰা হ’ব

You might also like