🔹 গুৱাহাটীৰ মহিলা উদ্যোগী আল্পনা শইকীয়াৰ অভিনৱ প্রচেষ্টা
বিশেষ বাৰ্তা, ১ জানুৱাৰী : টী ৱাইন শব্দটোৱে স্বাভাৱিকতে উদ্রেক কৰে কৌতূহলৰ৷ এনে কৌতূহলক বাস্তৱ ৰূপ দিবলৈ সাজু হৈছে গুৱাহাটীৰ এগৰাকী মহিলা উদ্যোগী৷ চাহক এটা নতুন ৰূপ প্রদান কৰি অসমৰ কেঁচা সোণৰ পৰা সুৰা প্রস্তুত কৰিবলৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে এইগৰাকী মহিলা উদ্যোগীয়ে৷ মহিলাগৰাকীৰ নাম আল্পনা শইকীয়া৷ অসমক আন্তঃৰাষ্ট্রীয় পর্যায়লৈ লৈ যাব পৰা নতুন কিবা এটা সৃষ্টি কৰাৰ কৌতূহলেৰে আল্পনা শইকীয়াই তেওঁৰ মূলধন আৰু ব্যক্তিগত গৱেষণাৰ দ্বাৰা সৰা বগৰী, কল, আঙুৰ, তৰমুজ, আনাৰস আদি ফলৰ পৰা সুৰা তৈয়াৰ কৰাৰ পিছত প্রথমবাৰৰ বাবে চাহৰ পৰা সুৰা প্রস্তুত কৰিছে৷ মন কৰিবলগীয়া যে ২০১৭ চনত গৱেষকসকলে সকলো প্রকাৰৰ লাভালাভ আৰু সতেজতা বজাই ৰাখি চাহৰ পৰা উন্নতমানৰ সুৰা তৈয়াৰ কৰিব পাৰি বুলি প্রমাণ কৰিছিল যদিও আজিপর্যন্ত কোনেও চাহৰ পৰা প্রস্তুতকৃত সুৰাৰ বাণিজ্যিকীকৰণৰ চেষ্টা কৰা নাই৷ ২০১৯ চনত অসম চৰকাৰে হেৰিটেজ ৱাইনৰ বাবে অনুজ্ঞা-পত্র প্রৱর্তন কৰিছিল৷ কিন্তু টী ৱাইন এই শ্রেণীত অন্তর্ভুক্ত হোৱা নাছিল৷ আল্পনা শইকীয়াই হৈছে প্রথমবাৰৰ বাবে চাহৰ পৰা প্রস্তুতকৃত সুৰাৰ বাবে অনুজ্ঞা-পত্র বিচাৰি আবেদন কৰা প্রথমগৰাকী মহিলা৷ এই সন্দর্ভত আল্পনা শইকীয়াৰ মন্তব্য– কিছু আনুষ্ঠানিকতাৰ বাহিৰে প্রায় সকলো আইনী প্রক্রিয়া সম্পন্ন হৈছে৷ টী ৱাইনে বজাৰত এক বিশেষ স্থান ল’ব আৰু অন্যান্য অসমভিত্তিক সামগ্রীৰ দৰে চাহৰ পৰা প্রস্তুতকৃত সুৰাকো বিশ্বব্যাপী স্বীকৃতি দিয়া হ’ব৷ আল্পনা শইকীয়াৰ এনে প্রচেষ্টাৰ কাৰণ কি? উদ্যোগী মহিলাগৰাকীয়ে এই সন্দর্ভত ক’লে– মই ১৯৯৯ চনৰ পৰা ৱাইন তৈয়াৰ কৰিবলৈ প্রস্তুতি আৰম্ভ কৰিছিলোঁ৷ চাহ বাগিচাৰ মেনেজাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা হেতুকে চাহ বাগিচাৰ মাজত মোৰ দিন অতিবাহিত হৈছিল৷ সতেজ চাহে মোক সদায় আকর্ষণ কৰিছিল৷ হঠাৎ এদিন মই চাহ সুৰা তৈয়াৰ কৰা ধাৰণাৰ সৈতে একাত্ম হৈ পৰিলোঁ৷ অৱশ্যে তেতিয়ালৈকে মই চাহ সুৰাৰ বিষয়ে অৱগত নাছিলোঁ আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়েও ধাৰণা কৰিব পৰা নাছিলোঁ৷ লাহে লাহে সকলো সম্ভাৱনাক আগত ৰাখি আমি কামত আগবাঢ়িলোঁ আৰু আজি তাৰ ফল পাবলৈ ধৰিছোঁ৷ কিছু বাট এতিয়াও বাকী৷ ইতিমধ্যে আমি ‘হ’লং–৯’ ব্রেণ্ড নামেৰে অসমৰ চাহৰ পৰা তৈয়াৰ কৰা ৱাইন উৎপাদন কৰিবলৈ গৈ আছোঁ৷ এয়া হ’ল মিঠা সুৰা৷ ইয়াৰ বাবে প্রয়োজন হ’ব জৈৱিক চাহৰ৷ এই টী ৱাইন প্রস্তুত কৰিবলৈ দুমাহৰ প্রক্রিয়া এটা লাগে৷ চেনি, শুকান ফল আৰু মচলা সোৱাদৰ বাবে এই সুৰাত ব্যৱহাৰ কৰা হয়৷ ইয়াত ১৩ শতাংশ সুৰাৰ উপস্থিতি থাকিব৷ লক্ষণীয় যে একাধিক প্রক্রিয়া, বিভিন্ন পৰীক্ষা–নিৰীক্ষা আৰু ইতিবাচক প্রক্রিয়াৰ পিছত অসমত চাহৰ পৰা ৱাইন উৎপাদন কৰা প্রথমগৰাকী মহিলা হৈ পৰিব আল্পনা শইকীয়া৷ চাহৰ পৰা প্রস্তুতকৃত সুৰাই এতিয়া বাণিজ্যিক অনুজ্ঞা-পত্র লাভ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ এই বিশেষ সামগ্রীবিধ অতি সোনকালে বজাৰত উপলব্ধ হ’ব বুলি আল্পনা শইকীয়া আশাবাদী৷ তেওঁ কয়– আমি বজাৰ পর্যবেক্ষণ কৰিছোঁ, ফলাফল ইতিবাচক আছিল৷ মানুহে ইয়াৰ সোৱাদ ল’বলৈ আগ্রহী৷