চাহ জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণৰ নৱযুগৰ সূচনা
ৰাজ্যৰ চাহ বাগিচা এলেকাত ১১৯খন আদর্শ হাইস্কুল নির্মাণৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ চাহ জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণত সূচনা হ’ল এক নৱযুগৰ৷ স্বাধীনতাৰ ৭৩ বছৰ পাছত প্রথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা যুগান্তকাৰী সিদ্ধান্তৰ ফচলস্বৰূপে চাহ বাগিচা এলেকাত ১১৯খন আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰা হয়৷ দেওবাৰে মুঠ ৬৯খন আদর্শ হাইস্কুল নির্মাণৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন হোৱাৰ বিপৰীতে আজি বাকীকেইখন শিক্ষানুষ্ঠানৰ ক্ষেত্রত এই কার্যসূচী নির্ধাৰণ কৰা হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তর্গত মেকিপুৰ আৰু বামুণপুখুৰী চাহ বাগিচাৰ প্রস্তাৱিত হাইস্কুল দুখন নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰে৷ সেইদৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ চাহ বাগিচা এলেকাত মুঠ ৯খন আদর্শ হাইস্কুল নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
নাজিৰাৰ মেকিপুৰ আৰু বামুণপুখুৰী চাহ বাগিচাত আদর্শ হাইস্কুল নির্মাণৰ আনুষ্ঠানিকভাৱে মাংগলিক শুভাৰম্ভ কৰাৰ পাছত মেকিপুৰ চাহ বাগিচা খেলপথাৰত আয়োজিত জনসভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে নিজ ভাষণত অসমৰ চাহ জনগোষ্ঠী বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ অন্যতম অংশীদাৰ বুলি মন্তব্য কৰে৷ তেওঁ কয়– ‘চাহ জনগোষ্ঠীৰ লোকসকল বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ অসমৰ সামগ্রিক বিকাশ, সাংস্কৃতিক সত্তা আদি টনকিয়াল কৰাৰ ক্ষেত্রত চাহ জনগোষ্ঠীৰ অৱদান অপৰিসীম৷ যিখন সমাজে অসমৰ মাটিক নিজৰ জন্মভূমি হিচাপে আঁকোৱালি ল’লে, অসমীয়া ভাষাক মাতৃভাষা ৰূপে পৰিচয় দিলে, সেইখন সমাজক সর্বদিশৰ পৰা আগুৱাই নিয়াটো আমাৰ সকলোৰে নৈতিক দায়িত্ব৷ অসমত যিমান জনগোষ্ঠী আছে, সকলোৰে সামগ্রিক উন্নয়ন হ’ব লাগিব৷ সেই উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ৷ কিয়নো সকলো জাতি–জনগোষ্ঠীৰ উন্নয়ন হ’লেহে অসমৰ উন্নয়ন হ’ব আৰু একবিংশ শতিকাত বিশ্বৰ শ্রেষ্ঠ জাতি হ’ব লাগিব অসমীয়া৷’ স্বাধীনতাৰ পাছত কোনো এখন চৰকাৰে চাহ শ্রমিকসকলৰ শৈক্ষিক উন্নয়নৰ বাবে কোনো ধৰণৰ উল্লেখযোগ্য পদক্ষেপ গ্রহণ নকৰিলে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্রী সোণোৱালে এই প্রসংগত কয় যে চাহ জনগোষ্ঠীৰ লোকসকলৰ দুখ–দুর্দশাৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰিবলৈ প্রয়াস নকৰাৰ ফলত দশকৰ পাছত দশক ধৰি তেওঁলোক শৈক্ষিক–সামাজিক আদি প্রতিটো দিশতে যথেষ্ট পিছপৰি থাকিল৷ কিন্তু অসমৰ ৰাইজৰ আশীর্বাদত ২০১৬ চনত চৰকাৰ গঠনৰ তিনিটা মাহৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ সার্বজনীন নীতিৰ আধাৰত ৰাজ্য চৰকাৰে অসমৰ ৭০টা জাতি–জনগোষ্ঠীৰ নেতাসকলক লগত লৈ ‘সহোদৰ’ শীর্ষক এক কার্যসূচীৰ জৰিয়তে তিনিদিনীয়া আলোচনাত মিলিত হৈছিল৷ ৰাজ্যখনৰ প্রতিটো সৰু–বৰ জাতি–জনগোষ্ঠীক বিকাশৰ পথত সমানে আগুৱাই নিয়াৰ ৰূপৰেখা সেই আলোচনাতে নির্ণিত হৈছিল৷ এই ধৰণৰ ব্যতিক্রমী চিন্তাৰ ফচল হিচাপে অসমৰ বুকুত প্রায় ২০০ বছৰ অতিক্রম কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ পুত্র–কন্যাক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ স্বার্থতেই চাহ বাগিচাসমূহত হাইস্কুল স্থাপনৰ দৰে এক ঐতিহাসিক পদক্ষেপৰ আজিৰ দিনটোত সূচনা হ’ল৷ দেশৰ স্বাধীনতা আন্দোলনত প্রাণ আহুতি দিয়া চাহ জনগোষ্ঠীৰ সন্তান মাংৰি ওৰাং, দয়াল দাস পাণিকা, বিজু বৈষ্ণৱ আদিৰ প্রতি মুখ্যমন্ত্রী সোণোৱালে গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ লগতে আজিৰ দিনটোক ঐতিহাসিক ৰূপে অভিহিত কৰি তেওঁ জনগোষ্ঠীটোৰ সু–সন্তান সন্তোষ কুমাৰ তপ্ণ’, ছাইমন সিং হ’ৰৰ লগতে সাহিত্য–সংস্কৃতি আদি বিভিন্ন দিশৰ অগ্রণী ব্যক্তিত্ব সুশীল কুর্মী, গুৰুচৰণ কুর্মী, প্রহ্লাদ চন্দ্র তাছা, সমীৰ তাঁতী, সনন্ত তাঁতী, পদুমী গাজলু, পদ্ম কৈৰী, বার্কিপ্রসাদ তেলেংগা আদিৰ অৱদানৰ কথা বিশেষভাৱে স্মৰণ কৰে৷ চাহ বাগিচাসমূহত হাইস্কুল স্থাপনৰ পদক্ষেপে চাহ জনগোষ্ঠীটোৰ নতুন প্রজন্মৰ সর্বাংগীণ উত্তৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে মাথোঁ হাইস্কুল স্থাপনতে চৰকাৰ সীমাবদ্ধ নাথাকে৷ এই আঁচনি সফল হ’লে চৰকাৰে চাহ বাগিচা এলেকাত ভৱিষ্যতে মহাবিদ্যালয় স্থাপনৰ বাবেও পদক্ষেপ গ্রহণ কৰিব৷ ছাত্র–ছাত্রীসকলক শিক্ষা গ্রহণৰ বাবে চৰকাৰে আগবঢ়োৱা এই সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ বাবে নিজৰ সন্তানক অধ্যয়নৰ প্রতি উৎসাহিত কৰিবলৈ পিতৃ–মাতৃসকলৰ প্রতি তেওঁ আহ্বান জনায়৷
নিজ ভাষণত মুখ্যমন্ত্রী সোণোৱালে বর্তমানৰ ৰাজ্য চৰকাৰৰ বিগত চাৰে চাৰি বছৰীয়া কার্যকালত চাহ জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, বৌদ্ধিক, অর্থনৈতিক আদি দিশৰ উত্তৰণৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে৷ তেওঁ লগতে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ কৃষকৰ উপার্জন দুগুণলৈ বৃদ্ধিৰ পদক্ষেপ লোৱাৰ দৰে আমিও ৰাজ্যৰ চাহ শ্রমিকসকলৰ উপার্জন দুই–তিনিগুণলৈ বৃদ্ধিৰ বাবে কাম কৰিব লাগিব৷ জনগোষ্ঠীটোৰ নতুন প্রজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি আগবঢ়াই নিলেহে এয়া সম্ভৱ হ’ব বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র মন্ত্রী) যোগেন মহনে চাহ জনগোষ্ঠীক উন্নয়নৰ দিশত আগবঢ়াই নিয়াটো চৰকাৰৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে অসমৰ কোনো এখন চৰকাৰে বিগত ৭০ বছৰে চাহ বাগিচাসমূহৰ উন্নয়নৰ কথা চিন্তা নকৰিলে৷ কিন্তু অতি কম সময়ৰ ভিতৰতে বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাগিচাসমূহৰ বাট–পথকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ বাবে উদ্যোগ গ্রহণ কৰিছে৷ অনুষ্ঠানত চাহ কোষৰ সভাপতি প্রহ্লাদ গোৱালা আৰু অসম চাহ জনজাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পৱন বেৰিয়ায়ো ভাষণ প্রদান কৰে৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, অসম ৰাজ্যিক বেচা–কিনা নিগমৰ উপাধ্যক্ষ শিৱপ্রসাদ ভদ্রা, সমাজকর্মী সুৰভি ৰাজকুমাৰী, লোকনির্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তা গৌতম সৰকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷