নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায্য প্ৰাপ্যৰ দাবীত চামগুৰিৰ আমনিত চাহ শ্ৰমিকৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,  ১৯ মাৰ্চ : বিগত চাৰি সপ্তাহ ধৰি চাহ বাগিচাৰ পৰা মজুৰি নোপোৱাক কেন্দ্ৰ কৰি আজি চাহ শ্ৰমিকসকলে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত চাহ শ্ৰমিক সকলে ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰথমে আমলখি চাহ বাগিচাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰে ৷ পৰৱৰ্তী সময়ত চাহ শ্ৰমিকসকলে চাহ বাগিচাৰ পৰা প্ৰতিবাদী সমদল কৰি আমনি তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে অসম চাহ নিগমৰ অধীনৰ আমলখি, লুংচুং আৰু ডিজুভেলিকে ধৰি বহুকেইখন চাহ বাগিচা ইতিমধ্যে ৰাজ্য চৰকাৰে ব্যক্তিগত কোম্পানীক লীজত দিছিল ৷ অসম চাহ নিগমৰ অধীনৰ আমলখি চাহ বাগিচাখনো বোকাহোলা কোম্পানীক লীজত দিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু বোকাহোলা কোম্পানীয়ে আমলখি চাহ বাগিচাখন কিছুদিন পৰিচালনা কৰাৰ পিছত বৰ্তমান বোকাহোলা কোম্পানীয়ে গোপনে এটা বহিৰাগত কোম্পানীক চাহ বাগিচাখন গতাই দিছে বুলি চাহ শ্ৰমিকসকলে অভিযোগ কৰে ৷ বহিৰাগত কোম্পানীটোক চাহ বাগিচাখন গতাই দিয়াৰ পিছত আজি চাৰি সপ্তাহ ধৰি চাহ শ্ৰমিকসকলে মজুৰি পোৱা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, বৰ্তমানলৈকে চাহ শ্ৰমিকসকলৰ এৰিয়া আৰু বৰ্তমান পাব লগা মজুৰিৰ ধন চাহ বাগিচাৰ কৰ্তৃপক্ষই মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত আজি চাহ শ্ৰমিকসকলে আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় এঘণ্টা অৱৰোধ কৰে ৷ ফলত যান-জঁটৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, চামগুৰি আৰক্ষী থানাৰ বিষয়াসহ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আনহাতে, প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দি পৰৱৰ্তী সময়ত শালনা আৰু আমনি সংযোগী পথটো পুনৰ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজনৈতিক নেতাৰ চাহ বাগিচাত প্ৰৱেশ আৰু নিৰ্বাচনৰ প্ৰচাৰ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে চাহ শ্ৰমিক আৰু ছাত্ৰ সংগঠনৰ নেতৃত্বই ৷ চাহ শ্ৰমিকসকলে পাব লগা ধন শীঘ্ৰে প্ৰদান নকৰিলে পুনৰ আন্দোলন তথা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী চাহ শ্ৰমিকসকলৰ লগতে ছাত্ৰ সংগঠনৰ নেতৃত্বই ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like