নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণা চোচাই বিনী চাহ বাগিচাত চাহ শ্ৰমিকৰ ধৰ্ণা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১০ জুলাই : অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে আজি পুৱাৰ ভাগত ওদালগুৰি জিলাৰ কৃষ্ণা চোচাই বিনী চাহ বাগিচাতো শ্ৰমিকসকলে পালন কৰে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী । সংঘৰ কৃষ্ণা চোচাই বিনী চাহ বাগিচা গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় এই কাৰ্যসূচী। বাগিচা শ্ৰমিকৰ জৰাজীৰ্ণ ঘৰ-দুৱাৰ মেৰামতি কৰা, গৃহহীন শ্ৰমিকৰ বাবে নতুনকৈ গৃহ নিৰ্মাণ কৰি দিয়া, বাগিচাসমূহত চিকিৎসা ব্যৱস্থা উন্নত কৰা, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভৱিষ্যনিধি আদি আইনগত প্ৰাপ্যসমূহ সময় মতে আদায় দিয়া, শ্ৰমিকৰ চিকিৎসা বিল আদায় দিয়া, দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকক পদোন্নতি দিয়াকে ধৰি কেইবাটাও দাবী পূৰণৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি শ্ৰমিকসকলে উত্তাল কৰি তোলে বাগিচা পৰিচালকৰ কাৰ্যালয় চৌহদ । শ্ৰমিকসকলৰ এই সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰীলৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰে সংঘৰ প্ৰাইমাৰী গোটটোৱে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like