নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰম পূজাত চৰকাৰী বন্ধৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,  ১৬ ছেপ্টেম্বৰ : সমাগম কৰম পূজাত মজুৰিসহ চৰকাৰী বন্ধৰ দাবী জনাই আজি নগাঁও জিলাৰ চামগুৰিৰ আমলখী চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে শ্ৰম উন্নয়ন বিভাগে কৰম পূজাৰ দিনটো চৰ্তভিত্তিক চৰকাৰী বন্ধ ঘোষণা কৰিছে বুলি প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে অভিযোগ কৰে ৷ কৰম পূজাৰ দিনটোত চাহ শ্ৰমিকসকলক  চৰকাৰী বন্ধ দিয়াৰ বিনিময়ত চাহ শ্ৰমিকসকলে সাপ্তাহিক বন্ধৰ দিনা চাহ বাগানত শ্ৰমদান কৰিব লাগিব বুলি শ্ৰম উন্নয়ন বিভাগে উল্লেখ কৰাৰ প্ৰতিবাদত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত আমলখী চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, শ্ৰমমন্ত্ৰী হায় হায়, কৰম পূজাত চৰকাৰী বন্ধ লাগিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে কৰম পূজাত চৰ্ত ভিত্তিত বন্ধ দি ভেঁকো-ভাওনা নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে মজুৰিসহ কৰম পূজা দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ শ্ৰম বিভাগৰ ওচৰত দাবী জনায় ৷ অন্যথা আগন্তুক দিনত চামগুৰিৰ আমনিত জংগী আন্দোলন কৰা হ’ব বুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিকসকলে হুংকাৰ প্ৰদান কৰে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা
You might also like