নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকা বলাৎকাৰী শিক্ষকক যাৱজ্জীৱন কাৰাদণ্ড

🔹 বিলাসীপাৰা অতিৰিক্ত জিলা-সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

নিয়মীয়া বাৰ্তা,  ২২ ফেব্ৰুৱাৰী :  বিলাসীপাৰাত প্ৰধান শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত এজন লম্পটে এগৰাকী নাবালিকাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হোৱা ঘটনা অঞ্চলটোত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।  বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে আজি এক ঐতিহাসিক ৰায়দান কৰে। ৪ বছৰ পিছত ন্যায় পালে নিৰ্যাতনৰ বলি হোৱা বিলাসীপাৰাৰ চাটাপাৰা গাঁৱৰ এটি  দুৰ্ভগীয়া পৰিয়ালে। বিলাসীপাৰাৰ  চাটাপাৰাত ২০১৯ চনত  সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক জঘন্য বলাৎকাৰৰ ঘটনা। জানিব পৰা মতে, চাটাপাৰা এম ই স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক মমিৰুল ইছলাম ওৰফে ৰাজুৱে গাঁওখনৰ এঘৰত ফুৰিবলৈ গৈছিল। ঘৰখনত কোনো নথকাৰ সুযোগ লৈ এগৰাকী নাবালিকাক  মমিৰুলে বলাৎকাৰ কৰিছিল।  অকল এয়াই নহয়, ঘটনা সন্দৰ্ভত কাকো অৱগত নকৰিবলৈ নাবালিকাগৰাকীক ভয়-ভাবুকি প্ৰদান কৰিছিল। নাবালিকাগৰাকীয়ে যন্ত্ৰণা সহিব নোৱাৰি পিতৃ-মাতৃক বিষয়টো অৱগত কৰে। পিছত ভুক্তভোগী পৰিয়ালে বিলাসীপাৰা  থানাত ১১০৭/১৯   নম্বৰত গোচৰ তৰে।  বিলাসীপাৰা  মহকুমা আদালতত চলি থকা ছেছন কেছ নম্বৰ ১৮/২১  মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায়দান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে  বলাৎকাৰত অভিযুক্ত  চাটাপাৰা এম ই স্কুলৰ তদানীন্তন  প্ৰধান  শিক্ষক  মমিৰুল ইছলামক  ২১  বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে। যাৱজ্জীৱন কাৰাদণ্ডৰ এই ৰায়দানৰ পিছতে ৪ বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ দি সন্তুষ্টি প্ৰকাশ কৰিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like