অংকৰ শিক্ষকৰ ঠাইত ইংৰাজী শিক্ষক বদলি কৰিব নোৱাৰিঃ শিক্ষামন্ত্রী
- একেখন জিলাত ১০ বছৰ চাকৰি কৰা শিক্ষকে বদলিৰ বাবে কৰিব পাৰে আবেদন
- একে জিলাত ২ বছৰ কাম কৰা দিব্যাংগ শিক্ষকে বদলিৰ বাবে কৰিব পাৰে আবেদন
- ৰাজ্যত ৭৫টা বিষয়ত শিক্ষক আছে
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: শিক্ষক বদলিকৰণক লৈ চলি থকা বিভিন্ন চর্চা তথা বিতর্কৰ বিপৰীতে কোন কোন শিক্ষক বদলিৰ বাবে যোগ্য তাক আজি স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ কাহিলিপাৰাৰ সমগ্র শিক্ষা সঞ্চালকালয়ত আজি আয়োজন কৰা এখন সংবাদ মেলত শিক্ষক বদলিকৰণৰ বিষয়টো সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে শিক্ষক বদলিকৰণ আইনৰ দফা ৭ত কোন কোন শিক্ষক বদলিৰ বাবে যোগ্য তাক নির্দিষ্ট কৰা আছে৷ অর্থাৎ আইন অনুসৰি কোনো এজন শিক্ষকে নির্দিষ্ট এখন জিলাত ১০ বছৰ শিক্ষকতা কৰিলে তেওঁ বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ এইক্ষেত্রত দিব্যাংগ কোনো শিক্ষকে দুবছৰ শিক্ষকতা কৰিলে তেওঁ বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ কিন্তু এয়াই যথেষ্ঠ নহয়, বদলিকৰণ আইনৰ ১০নং দফাত কোনবোৰ শিক্ষকে বদলিৰ বাবে আবেদন কৰিব পাৰিব তাৰ বাবে কিছু নিয়ম নির্দিষ্ট কৰা হৈছে৷ অর্থাৎ কোনো শিক্ষকৰ পিতৃ–মাতৃৰ চিকিৎসাৰ বাবে, নিজৰ চিকিৎসাৰ বাবে, নিৰাপত্তা আদি কাৰণৰ বাবে বদলিৰ আবেদন কৰিব পাৰে৷ তদুপৰি বদলিকৰণ আইনত ছাত্র–ছাত্রী অনুপাতে শিক্ষকৰ উপস্থিতি বিষয়টো গুৰুত্বসহকাৰে সন্নিৱিষ্ট কৰা হৈছে৷ অর্থাৎ কোনো এখন বিদ্যালয়ৰ পৰা শিক্ষক এজনক বদলি কৰিলে যদি ছাত্র–ছাত্রীৰ বিপৰীতে শিক্ষকৰ উপস্থিতি কম হয় তেন্তে সেই বদলিকৰণ গ্রাহ্য নহয়৷ শিক্ষা বিভাগত ৭৫টা বিষয়ৰ শিক্ষক আছে৷ কোনো এজন শিক্ষকে বদলিৰ আবেদন কৰাৰ লগে লগে বিভাগে বদলি হ’বলগীয়া শিক্ষকজনৰ স্থানত কোন শিক্ষকক স্থলাভিষিক্ত কৰা হ’ব সেই সম্পর্কেও পৰীক্ষা কৰিব৷ অর্থাৎ অংকৰ শিক্ষক এজনৰ বিপৰীতে ইংৰাজীৰ শিক্ষক এজনক বদলি কৰি আনিব পৰা নাযায়৷ একেদৰে অসমীয়া শিক্ষকৰ স্থানত বড়ো শিক্ষক এজনক বদলি কৰিব পৰা নাযাব৷ গতিকে শিক্ষক বদলিকৰণৰ প্রক্রিয়াটো যথেষ্ঠ জটিল৷ কিন্তু শিক্ষা বিভাগ এইক্ষেত্রত সহনশীল৷ আইনৰ গণ্ডীত যিসকল শিক্ষকক বদলি কৰিব পৰা যায় সেই শিক্ষকসকলৰ বদলিকৰণৰ আবেদন বিভাগে গুৰুত্বসহকাৰে গ্রহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷