নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে আজি বৰদলনী শিক্ষাখণ্ডৰ অন্তৰ্গত পতীয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়তো ছাত্ৰ একতা সভাৰ জৰিয়তে ৬২সংখ্যক শিক্ষক দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত কৰি শিক্ষাগুৰুসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায় ছাত্ৰ-ছাত্ৰীসকলে ৷ শিক্ষক দিৱস উপলক্ষে আজি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ মূল তোৰণৰ পৰাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক আদৰি আনি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰোৱাই ছাত্ৰ-ছাত্ৰীসহিতে কেক কাটি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উদযাপন কৰি বিদ্যালয়ৰ শিক্ষাগুৰুসকলক ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় ৷ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুলাল চুতীয়াৰ সভাপতিত্বত অনুস্থিত সভা উদ্বোধন কৰে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰী হেপ্পী খনিকৰে ৷ সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ বিষয়ে বক্তব্য প্ৰদান কৰি নৃত্য-গীতৰ অনুষ্ঠানো আয়োজন কৰে ৷ আনহাতে, আজি শিক্ষক দিৱসৰ দিনাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হেমেন কলিতাই লখিমপুৰ জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰাত উৎফুল্লিত হয় বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলো ৷ সভাত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মাতৃগোটৰ সদস্যাসকল, প্ৰাক্তন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলো উপস্থিত থাকে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like