নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীৰ প্ৰতি থকা মৰম-দায়িত্ববোধৰ অনন্য নিদৰ্শন নগাঁৱৰ শিক্ষয়িত্ৰীৰ

🔹 আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিও পাঠদান

বিশেষ বাৰ্তা, ২০ অক্টোবৰ : আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিও অৱসৰ ল’ব পৰা নাই নগাঁৱৰ জুৰীয়াৰ মঞ্জু ৰাণী ভূঞা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধে বিদ্যালয়খনলৈ ৰিঙিয়াই মাতে শিক্ষয়িত্ৰীগৰাকীক। নগাঁৱৰ জুৰীয়াস্থিত জোনাকী নিম্ন বুনিয়াদী বালিকা বিদ্যালয়ত ১৯৯৯ চনৰ পৰা কৰ্মৰত হৈ থকা মঞ্জু ৰাণী ভূঞা নামৰ আদৰ্শ শিক্ষয়িত্ৰীগৰাকীয়ে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিভাগীয় নীতি অনুসৰি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে যদিও ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধৰ বাবে অৱসৰ গ্ৰহণ কৰিও পূৰ্বৰ দৰে বিগত ৮ মাহে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক পাঠদান দি আহিছে। শিক্ষয়িত্ৰীগৰাকী অৱসৰ গ্ৰহণ কৰালৈ বিদ্যালয়খনত কোনো নতুন শিক্ষকৰ নিযুক্তি নোহোৱাত ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিগত ৮ মাহে বিদ্যালয়খনত পূৰ্বৰ দৰেই ছাত্ৰ-ছাত্ৰীক পাঠদান দি আহিছে । শিক্ষয়িত্ৰীগৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা এনে মৰম আৰু দায়িত্ববোধক অঞ্চলটোৰ সকলোৱে একমুখে শলাগ লৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like