ধুবুৰী ভাৰতীয় জনতা যুৱ মৰ্চাই হৰিজন কলনীত ছাত্ৰ–ছাত্ৰীৰ মাজত বিলালে শিক্ষণ সামগ্ৰী
নিয়মীয়া বাৰ্তা, ৭ জুনঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ আঠ বছৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ উদ্যোগত আজি ধুবুৰীৰ হৰিজন কলনিত কণ–কণ ছাত্ৰ–ছাত্ৰীসকলৰ মাজত কিতাপ, বহি, কলম আদি বিতৰণ কৰা হয়। যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি নিৰ্মাল্য পালৰ নেতৃত্বত অনুষ্ঠিত হোৱা সেই কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্যালকে ধৰি বিজেপি আৰু যুৱ মোৰ্চাৰ অন্যান্য কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী