কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া-আন আঞ্চলিক ভাষাৰ শিক্ষাদানৰ বাবে দাবী সাহিত্য সভাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ আগষ্টঃ অসমত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষাৰ লগতে আন আঞ্চলিক ভাষাৰ নিয়মীয়া শিক্ষা প্ৰদান কৰাৰ দাবী সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৰাজ্যিক উপায়ুক্তৰ কাৰ্য্যালয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বৰ এটি প্ৰতিনিধি দলে উপায়ুক্তৰ লগত আজি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাত অসম সাহিত্য সভাৰ তৰফৰ পৰা কেন্দ্ৰীয় বিদ্যালয়ত যে আঞ্চলিক ভাষাৰ শিক্ষাক গুৰুত্ব দিয়া হোৱা নাই, আজিলৈকে আঞ্চলিক ভাষাক পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হোৱা নাই, তাৰ বিতং বাখ্যা দাঙি ধৰা হয়। কেন্দ্ৰীয় বিদ্যালয়ৰ নিয়মাৱলীত আঞ্চলিক ভাষাৰ শিক্ষা দশম শ্ৰেণীলৈ পঢ়াৰ ব্যৱস্থা থকা সত্বেও নৱম শ্ৰেণীৰ পৰা বন্ধ কৰি দিয়া হয়, আৰু কেইখনমান কেন্দ্ৰীয় বিদ্যালয়ত আঞ্চলিক ভাষা শিকোৱাই নহয় বুলি জানিবলৈ দিয়ে সাহিত্য সভাৰ বিষয়ববীয়াসকলে৷ ফলত অসমীয়া ছাত্ৰ ছাত্ৰীসকল নিজৰ মাতৃভাষাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ বাবে তেওঁলোক অসম চৰকাৰৰ লগতে উচ্চ ন্যায়ালয়ৰ অধীনৰ সকলো চাকৰিৰ পৰা বঞ্চিত হবলগীয়া হৈ আছে আৰু ভৱিষ্যতেও বঞ্চিত হৈ থাকিবলগীয়া হ’ব বুলিও ক্ষোভ প্ৰকাশ কৰে সভাৰ প্ৰতিনিধিৰ দলটোৱে৷ অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ নেতৃত্বত উপায়ুক্ত চন্দ্ৰশেখৰ আজাদৰ লগত হোৱা গুৰুত্বপূৰ্ণ আলোচনাত অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, গুৱাহাটী কাৰ্য্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে অংশগ্ৰহণ কৰে আৰু সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা স্বাক্ষৰিত স্মাৰকপত্ৰ প্ৰদান কৰে৷ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ স্নানান্তৰ হৈ থকা কৰ্মচাৰীৰ ল’ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বিদ্যালয়সমূহ স্থাপন কৰা হৈছিল যদিও পিছলৈ এই বিদ্যালয়ত সমাজৰ সকলো শ্ৰেণীৰ (চাকৰি কৰা/নকৰা সকলোৰে) ল’ৰা ছোৱালী পঢ়িব সুবিধা পাইছে। আৰু আজিৰ দিনত কেন্দ্ৰীয় বিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ল’ৰা ছোৱালীতকৈ স্থানীয় ল’ৰা ছোৱালীৰ আনুপাতিক সংখ্যাও বহুত বেছি। যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু NCF ২০২৩তো মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায়বোৰ পৰীক্ষা অসমীয়া ভাষাটো দিব পৰা হৈছে, সেয়ে পৰিবৰ্তিত পৰিস্থিতিত অসমত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়সমুহতো আঞ্চলিক ভাষাৰ শিক্ষা অতি দৰকাৰী হৈ পৰিছে। যদি অসমৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়াৰ লগতে আন আন আঞ্চলিক ভাষা ঐচ্ছিক বিষয় হিচাপে অতি কমেও দশম শ্ৰেণীলৈ বা পাৰিলে দ্বাদশ শ্ৰেণীলৈকে প্ৰৱৰ্তন কৰা হয় , কাৰো ক্ষতি নহব, বৰং বহুসংখ্যক ছাত্ৰছাত্ৰী প্ৰত্যক্ষৰূপে উপকৃত হ’ব ৷ এই ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰবিচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰতিনিধিৰ দলটোৱে উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। অসম সাহিত্য সভাই উপায়ুক্তক এই বিষয়ত আগভাগ লৈ জৰুৰীকালীনভাৱে উপযুক্ত ব্যৱস্থা ল’বলৈ একান্ত অনুৰোধ কৰে৷ আলোচনাত উপায়ুক্ত চন্দ্ৰশেখৰ আজাদে কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়াৰ লগতে আন আন আঞ্চলিক ভাষাৰ নিয়মীয়া শিক্ষাৰ ব্যবস্থা কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষৰ ওচৰত গুৰুত্বপূৰ্ণভাবে উত্থাপন কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে।