নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তম শ্রেণীৰ ‘বাণী অসমীয়া পাঠ’ত ভয়ংকৰ তথ্যঃ ‘জয়মতী’ ছবিৰ সংগীত পৰিচালক হেনো বিষ্ণু ৰাভা

নিয়মীয়া বাৰ্তা, ১৮ মেঃ পাঠ্যপুথিত সন্নিৱিষ্ট ভুল তথ্যৰে কণ কণ শিক্ষার্থীক শিক্ষাদান কৰা হৈছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত৷ অভিজাত প্রকাশন সংস্থাৰ দ্বাৰা প্রকাশিত এনে পাঠ্যপুথিৰ প্রচলনে শিক্ষানুৰাগী তথা বিদ্বৎ মহলৰ চকু কপালত তুলিছে৷ শেহতীয়াকৈ বাণী মন্দিৰ নামৰ প্রকাশন সংস্থাটোৰ দ্বাৰা প্রকাশিত সপ্তম শ্রেণীৰ ‘বাণী অসমীয়া পাঠ’ (সপ্তম খণ্ড)ত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা আৰু ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক লৈ মাৰাত্মক ভুল তথ্য সন্নিৱিষ্ট হোৱাৰ ঘটনা পোহৰলৈ আহিছে যি তথ্যই হয়তো নৱপ্রজন্মক অসমৰ দুই পুৰোধা ব্যক্তিক লৈ ভৱিষ্যতে দোমোজাত পেলাব৷

দিছপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ নমিতা ডেকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ প্রফুল্ল কুমাৰ নাথ মুখ্য সম্পাদক হিচাপে থকা তথা মনাস্মৃতা হাজৰিকাই সংকলন আৰু সম্পাদনা কৰা ‘বাণী অসমীয়া পাঠ’ত সন্নিৱিষ্ট ‘সুৰৰ যাদুকৰ ড০ ভূপেন হাজৰিকা’ শীর্ষক পাঠটোত উল্লেখ কৰা হৈছে যে সুধাকণ্ঠই হেনো জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৬)ৰ যোগেদি সংগীত জগতত আত্মপ্রকাশ কৰিছিল৷

প্রকৃততে অসমীয়াৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাই প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ত কোনোধৰণৰ ভূমিকাই লোৱা নাছিল৷ তেওঁ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বিতীয়খন ছবি ‘ইন্দ্রমালতী’ৰ জৰিয়তেহে আত্মপ্রকাশ কৰিছিল৷ ইন্দ্রমালতীত ড০ ভূপেন হাজৰিকাই শিশুশিল্পী হিচাপে চেলুলয়ডত ওলোৱাৰ লগতে গীতো গাইছিল যিটো কথা সর্বজনবিদিত৷ আটাইতকৈ পৰিতাপৰ কথাটো হৈছে, প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ ১৯৩৬ চনৰ বুলি পাঠ্যপুথিখনত উল্লেখ কৰা হৈছে, যিটো কথাও তথ্যসম্বলিত নহয়৷ কিয়নো ‘জয়মতী’ ১৯৩৫ চনৰ ২০ মার্চত মুক্তি লাভ কৰাৰ বিষয়ে সকলোৱে জানে৷ পাঠ্যপুথিখনৰ ৭নং পাঠত সন্নিৱিষ্ট হৈছে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ‘অ’ অসমীয়া ডেকাদল’ নামৰ কবিতাটো৷ এই পাঠটোৰ অনুশীলনীত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ‘কবি পৰিচয়’ দিবলৈ গৈ কোৱা হৈছে যে ১৯৩৫ চনত বিষ্ণুপ্রসাদ ৰাভাই জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ সংগীত পৰিচালনা কৰে৷

অসমীয়া চলচ্চিত্রৰ ইতিহাস জনা প্রত্যেকৰে অৱগত যে জয়মতীৰ পৰিচালনা–সংগীত পৰিচালনাকে ধৰি প্রায়বোৰ দিশ নিজেই কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই৷ এতিয়া প্রশ্ন হৈছে– এনেধৰণৰ ভুল তথ্য সন্নিৱিষ্ট কৰাৰ দায়িত্ব কোনে ল’ব? পাঠ্যপুথিখনৰ মুখ্য সম্পাদকদ্বয়, সংকলক–সম্পাদক নে ৰাজ্যৰ আগশাৰীৰ প্রকাশন সংস্থা বাণী মন্দিৰে?

You might also like