নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : ৰক্তদান মহান দান, ৰক্তদান জীৱন দান ৷ এই মূল মন্ত্ৰৰে মৰিগাঁও জিলাৰ অন্যতম বেচৰকাৰী অনুষ্ঠান টিম হিউমেনিটীয়ে বিভিন্ন সময়ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি ৰক্তদানৰ ওপৰত সজাগতা বৃদ্ধি কৰি আহিছে ৷ ইয়াৰ মাজতে আজি মৰিগাঁও জিলাৰ চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ত টিম হিউমেনিটীৰ উদ্যোগত আৰু মৰিগাঁও শ্বহীদ তিলক -হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ ৰক্তকোষৰ সহযোগত আজি এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে ৷ চৰাইবাহী অঞ্চলৰ সংবাদদাতা মানস নাথে আঁত ধৰা ৰক্তদান শিবিৰটিৰ শুভ উদ্বোধন কৰে চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক মাহমুদুল আহমেদে ৷ আনহাতে, মৰিগাঁও শ্বহীদ তিলক-হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ ৰক্তভাণ্ডাৰৰ কৰ্মী ক্ৰমে সুশীল ডেকা , অৰূপ কুমাৰ নাথ আৰু অংশুমান ডেকাৰ উপৰি মৰিগাঁও টিম হিউমেনিটীৰ মণি সৰকাৰ আৰু বুবু অসমৰ লগতে কেইবাগৰাকী সক্ৰিয় কৰ্মী উপস্থিত থকা ৰক্তদান শিবিৰটিত চৰাইবাহী অঞ্চলৰ ২০গৰাকী যুৱকে স্ব-ইচ্ছাই ৰক্তদান কৰে ৷
প্ৰেৰক মানস নাথ