নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ছাপৰা গাঁৱৰ কিশোৰ নিৰুদ্দেশ, তিনি দিনে সম্ভেদ নাই ১৬ বছৰীয়া ইমদাদ জাহিদৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : বৰপেটা জিলাৰ ছাপৰা গাঁৱৰ নিবাসী ইমান আলীৰ কিশোৰ পুত্ৰ ইমদাদ জাহিদ নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে যোৱা ৫ এপ্ৰিল তাৰিখ অৰ্থাৎ শনিবাৰে আবেলি ইমদাদ জাহিদে (১৬) চাইকেলেৰে নিজ ঘৰৰ পৰা ওলাই যায়। যদিও অদ্যাপি কিশোৰগৰাকী ঘৰলৈ উভতি নাহে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত কিশোৰ গৰাকীৰ বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে জাহিদৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত পৰিয়াল লোক মানসিকভাৱে ভাগি পৰিছে। ইতিমধ্যে কিশোৰগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে এইক্ষেত্ৰত যদি কোনো হৃদয়ৱান লোকে কিশোৰ গৰাকীৰ সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ ৬০০০৪৬৬৪২১ আৰু ৯৩৯৫৩০০৫৮৫ এই দুটি ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। উল্লেখযোগ্য যে কিশোৰ গৰাকীৰ দেহৰ বৰণ বগা, উচ্চতা ৫ ফুটৰ ওপৰ আৰু পিন্ধনত এটি টি-চাৰ্ট আৰু লংপেন্ট।

প্ৰেৰক আব্দুল আজিজ আহমেদ 

You might also like