নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ আখৰাত ব্যস্ত ঢকুৱাখনাৰ কিশোৰ-কিশোৰী, জীয়ৰী-বোৱাৰী

🔹 ৰমকে-জমকে পুনৰ আহিছে হেঁপাহৰ বিহুটি 

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ-লতিকা বসন্তৰ আগমনৰ লগে লগে সেউজীয়া হৈ উঠিছে৷ ন বসন্তৰ সময়ত, সেউজ বৰণ লোৱা প্ৰকৃতিৰ পৰশত এতিয়া অসমীয়াৰ মনত চৰিছে ৰঙালীৰ ৰং। সৰ্বত্ৰ বিয়পি পৰিছে বসন্তৰ ৰং। বসন্তৰ মিঠা ৰহণে চুমিছে আকাশ। অসমীয়াৰ দেহ, মন, প্ৰাণ পুলকিত কৰি জেতুকাৰ ৰঙত ৰঙচুৱা হৈ ধৰাৰ বুকুলৈ আহিছে ব’হাগ। ইয়াৰ লগে লগে বিহুবলিয়া অসমীয়াও সাজু হৈছে সেউজ বসন্তক আদৰণি জনাবলৈ। ধূলিয়ৰি প্ৰকৃতিয়ে প্ৰাণ পাই উঠা বৰদৈচিলাৰ আগজাননীৰ সময়তে ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি। কুলি-কেতেকীৰ মাতে চৌদিশ ৰজনজনাইছে। উজনিৰ পৰা নামনিলৈ চলিছে বিহু নাচ আৰু ঢোলবাদনৰ আখৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰেই ঢকুৱাখনাৰ প্ৰান্তে প্ৰান্তেও চলিছে বিহুৰ আখৰা- কৰ্মশালা। ক’ৰবাত যদি কণমানি বিহুৱাই পেঁপাত তুলিছে লহৰ, আনফালে ঢুলীয়াই দিছে ঢোলত ৰগৰ। ঢকুৱাখনাৰ সাপতীয়া গাঁও আৰু সোণাৰি চাপৰিৰ বাঁহপৰাত এনাজৰী বিহুৱা দলৰ উদ্যোগত ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুনাচৰ কৰ্মশালা। এই কৰ্মশালাত দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ডেকা-গাভৰুৱে অংশগ্ৰহণ কৰিছে আখৰাত। বৰ বিহুৱতী চায়াশ্ৰী চমুৱা আৰু ইলিয়ানা ৰাজকুমাৰী প্ৰশিক্ষক হিচাপে উপস্থিত থকা কৰ্মশালাত ঢোলৰ ছেৱত কঁকাল ভাঙিছে নাচনীয়ে৷ ইফালে, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২৬ মাৰ্চৰ পৰা শ্বহীদ ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে বিহুনাচৰ কৰ্মশালা। ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ শতাধিক কিশোৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি বৰ বিহুৱতী চায়াশ্ৰী চমুৱা আৰু বিহুৱা দেৱব্ৰত গগৈয়ে বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। পিছপৰি থকা নাই বোৱাৰীসকলো। ডেকা-গাভৰুসকলৰ লগতে ঠায়ে ঠায়ে ঘৰৰ কাম-বন সামৰি বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে বোৱাৰীসকলো। পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ বোৱাৰী লগ হৈ পথাৰত চলাইছে জেং বিহুৰ আখৰা।একেলগে গাইছে বিহু নাম। আনহাতে, ২ এপ্ৰিলৰ পৰা ফাটবিহু সমিতিৰ উদ্যোগত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত অনুষ্ঠিত কৰিছে দহদিনীয়াকৈ বিনামূলীয়া বিহু কৰ্মশালা। এই কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক বিহু নাচ, বিহু নাম, ঢোলবাদন আৰু পেঁপাবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ব’হাগলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ঢোল-পেঁপা, গগনাৰ মাতত ৰজনজনাইছে ঢকুৱাখনাৰ আকাশ-বতাহ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like