ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ স্বীকৃতি তেজপুৰৰ উপাসনালৈ
বিশেষ বাৰ্তা, তেজপুৰ, ১৭ মে’: তেজপুৰ মাজগাঁও হাটভগা চুবুৰীৰ উপসনা কলিতাই পাঁচ বিধ লোকবাদ্য বজাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ সন্মান আজুৰিবলৈ সক্ষম হৈছে। মাজগাঁও হাতভগা চুবুৰী নিবাসী ৰঞ্জন কলিতা আৰু চুমি কলিতাৰ জীয়াৰী উপসনাই পাঁচবিধ লোকবাদ্য বাদনৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে, যোৱা ১১ এপ্ৰিলত তেওঁ ৰাজ্যৰ পাঁচবিধ লোকবাদ্য ঢোল, খোল, নাগাৰা, গগনা আৰু সুতুলি বজাব পৰা উপাসনাক তেওঁৰ পাৰদৰ্শিতাৰ বাবে নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত ২২ এপ্ৰিলত অন্তৰ্ভুক্তিৰ বিষয়ে জনোৱা হয়। কালি তেওঁ ইয়াৰ প্ৰমাণপত্ৰ লাভ কৰে৷ উল্লেখযোগ্য যে, লোকবাদ্যৰ উপৰিও প্ৰতিভাশালী উপাসনাই ডলফিন কলা নিকেতনৰ তত্বাবধায়ক তথা প্ৰবীণ শিল্পী কুলেন বৰাৰ অধীনত মৃন্ময় প্ৰতিমা নিৰ্মাণ আৰু অভিনয়ৰ তালিম লোৱাৰ লগতে প্ৰয়াত ঢোলৰ ওজা তৰুণ বৰাৰ অধীনত ঢোলৰ শিক্ষা, স়ৃজনী সংগীত বিদ্যালয়ত নৃত্য আৰু খোলৰ তালিম গ্ৰহণ কৰি নিজ চেষ্টাৰে বিহু নাচ, অভিনয় কৰি আৰু লোকবাদ্য বজাই নিজ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ সাংস্কৃতিক মনৰ ছাত্ৰীগৰাকী সৰুৰে পৰা সংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত হৈ পৰা উপসনা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰী।