নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত ড্ৰাগছসহ দুই কুখ্যাত ব্যৱসায়ীক আটক

নিয়মীয়া বাৰ্তা, ১৬ মেঃ ৰাজ্য চৰকাৰে অসমত ড্ৰাগছ ব্যৱসায় ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও বৰ্তমানো ইয়াৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ ধুৰন্ধৰ লোকে ৷ আজি লখিমপুৰ জিলাৰ ধলপুৰত দুই ড্ৰাগছ ব্যৱসায়ীক আতক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ ৷ বিহপুৰীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া উৎপল বৰাই গোপন সূত্ৰেপম সেদি আজি সন্ধিয়া ৬:৩০ মান বজাত ধলপুৰ আৰক্ষী সহযোগত ধলপুৰৰ পৰা দুই ড্ৰাগছ ব্যৱসায়ীক আতক কৰে ৷ ব্যৱসায়ী দুটাৰ হাতত তিনিটা ড্ৰাগছৰ পেকেট লাভ কৰে আৰক্ষীয়ে ৷ আৰক্ষী আতক কৰা ব্যৱসায়ী দুটা হ’ল নগাওঁ জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত চিংগাৰী গাৱঁৰ আব্দুল ৰাজা পুত্ৰ নজৰুল ইচলাম (৩০) আৰু একে গাৱঁৰে ৰফিকুল ইচলামৰ পুত্ৰ আবুবক্কৰ চিদ্দীক বুলি জানিব পৰা গৈছে ৷ ধৃত দুই ড্ৰাগছ বেপাৰীয়ে নগাঁৱৰ পৰা লখিমপুৰ জিলাৰ ধলপুৰত ড্ৰাগছ সমূহ দিবলৈ অহা বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ৷ ১ লাখ টকাত ড্ৰাগছ সমূহ বিক্ৰীৰ বন্দবস্ত কৰা হৈছিল বুলি অবগত কৰিছে ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া,বান্দৰদেৱা, নাৰায়ণপুৰ আদিত আৰক্ষীৰ তীক্ষ্ণ নজৰ ৰখা বাবে ড্ৰাগছ প্ৰভাৱ নথকা ধলপুৰলৈ গ্ৰাহকক মাতি চতুৰ ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তে আৰক্ষী দুই কুখ্যাত বেপাৰীক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে আবুবক্কৰ চিদ্দীক নামৰ কুখ্যাত বেপাৰীটো লখিমপুৰ আৰক্ষীৰ হাতত আতক হৈ জেইল হাজোতৰ পৰা মুকলি হোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like