নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত গণেশ পূজা উপলক্ষে মন্দিৰে মন্দিৰে ভক্তৰ লানি নিছিগা সোঁত

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : তীৰ্থনগৰী হাজোত গণেশ পূজা উপলক্ষে ভক্তসকলৰ মাজত পৰিলক্ষিত হৈছে পাৰভগা উছাহ। সমগ্ৰ হাজো অঞ্চলৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিচিগা সোঁত। তীৰ্থনগৰী হাজোৰ পঞ্চতীৰ্থৰ অন্যতম তীৰ্থস্থান গণেশ মন্দিৰত পূজা উপলক্ষ্যে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা ভক্তৰ সমাবেশত এক বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। ভক্ত সকলে ইজনৰ পিছত সিজনকৈ হাতে হাতে ধূপ, চাকি, নৈবদ্য লৈ লৈছে সেৱা আৰু গণেশ পূজা উপলক্ষ্যে মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰাজহুৱা হোম যজ্ঞৰ অন্তত ভক্ত সকলে মহাভোগ গ্ৰহণ কৰে। ইফালে অভয়পুৰ শ্রীশ্রী গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে অভয়পুৰ শিলাদ্বাৰ পাহাৰত থকা গণেশ মন্দিৰত দিনযোৰা কাৰ্যসূচীৰে ৩৬তম শ্রীশ্রী গণেশ পূজা উদযাপন কৰে। কার্যসূচী অনুসৰি,পুৱা পঞ্চগব্যৰ দ্বাৰা মন্দিৰ আৰু গণেশৰ শিলামূৰ্ত্তি শোধন, ধর্মধ্বজা উত্তোলন, ঘটৰ বাবে জল অনায়ন আৰু বন্তি প্রজ্বলনৰ পিছতে পূজা শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অভয়পুৰ গাঁও উন্নয়ন সমিতিৰ প্রাক্তন সভাপতি প্রবীণ চন্দ্র কলিতাৰ দ্বাৰা উদ্বোধন কৰা মহিলাৰ নাগাৰা নামৰ অন্তত দুপৰীয়া হোমাগ্নি প্রদানৰ লগতে ৰাজহুৱা প্রসাদ বিতৰণ কৰে। হাজো পঞ্চতীৰ্থৰ অন্যতম গণেশ মন্দিৰ আৰু অভয়পুৰ শিলাদ্বাৰ পাহাৰস্থিত গণেশ মন্দিৰৰ সমান্তৰাল ভাৱে হাজোৰ বাগটা গণেশ মন্দিৰ, ৰামদিয়া গণেশ মন্দিৰটো ভক্ত সকলে পূজা অৰ্চনা আগবঢ়ায়।
প্ৰেৰক শ্বাহজাহান ইছলাম
You might also like