নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰিআলিত আজি নিশা এজন টেম্পো চালক আৰু তিনিজনীয়া যুৱকৰ দলৰ সংঘাটক লৈ লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জয়সাগৰৰ নিবাসী এজন টেম্পো চালকৰ বিৰুদ্ধে মহিলাক অশালীন ব্যৱহাৰৰ অভিযোগ তুলি নাজিৰাৰ কেইজন মান যুৱকে টেম্পোচালক জনক মাৰধৰ কৰাক লৈয়েই সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ টেম্পো চালকক মাৰধৰ কৰা যুৱক কেইজনক বিছাৰি শতাধিক যুৱকে পৰিস্থিতি উত্তপ্ত কৰি তুলাৰ লগতে স্থানীয় এটা বুলেটৰ ড্ৰীলাৰৰ ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱশ্যে ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ জয়সাগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বুলেটৰ ড্ৰীলাৰটোত আৱদ্ধ হৈ থকা যুৱক কেইজনক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰি থানালৈ নিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, শিৱসাগৰত শেহতীয়াকৈ নথিপত্ৰ বিহীন, কৰ আদায় নিদিয়া, ফিটনেচ প্ৰমাণ পত্ৰ নথকা একাংশ টেম্পো চালকৰ লগতে কোনো বৈধ অনুমতি নথকা ই ৰিস্কা চালকৰ দৌৰাত্ম্য অবাধ গতিত বৃদ্ধি পোৱাৰ ধাৰাবাহিক অভিযোগ উত্থাপন হৈ আহিছে ৷ চুড়ান্ত মই মতালিৰে চৰকাৰী ৰাজপথক পৈত্ৰিক সম্পতিৰ দৰে ব্যৱহাৰ কৰি অহা এনে একাংশ অৱৈধ নথি পত্ৰ বিহীন টেম্পো চালক আৰু একাংশ অৱৈধ অনুমতি বিহীন ই ৰিস্কা চালকে নিয়মিত চহৰ খনৰ সামগ্ৰীক পৰিৱেশ বিনস্ত কৰি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তেই এখন ই-ৰিক্সাত অহা মহিলাক এগৰাকী টেম্পো চালকে দুব্যৱহাৰ কৰাৰ অভিযোগ তুলি নাজিৰাৰ তিনিজন যুৱকে টেম্পু চালকজনক মাৰধৰ কৰিছিল ৷ইয়াৰ বিপৰীতে টেম্পু চালক গৰাকীয়ে এই কথা অস্বীকাৰ কৰাৰ লগতে যুৱক কেইগৰাকীয়ে অনাহকত মাৰধৰ কৰাৰ অভিযোগ তুলে ৷আন নালাগে যুৱকৰ দলটোৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হোৱা জয়সাগৰৰ নবুল আলি নামৰ টেম্পো চালক জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ইফালে টেম্পু চালক গৰাকীক মাৰধৰ কৰি মহিলা সহ তিনি যুৱক স্থানীয় বুলেট ড্ৰীলাৰটোত প্ৰৱেশ কৰাৰ পিছতেই শ শ যুৱকে আক্ৰমণকাৰী যুৱক কেইজনক বিছাৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ৷ ঘটনাৰ পিছতেই স্থানীয় সচেতন যুৱক সকলে তৎপৰতাৰে উত্তেজনা প্ৰশমিত কৰাৰ চেষ্টা কৰাৰ লগত তৎমুহুত্বতেই ঘটনাস্থলীত উপস্থিত হোৱা জয়সাগৰ আৰক্ষীৰ দলে ড্ৰীলাৰটোত আশ্ৰয় লৈ থকা যুৱক তিনিজনক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰি থানালৈ নিয়াৰ পিছতহে পৰিস্থিতি শাম কাটে ৷ ঘটনাৰ পিছতেই এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান