বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানেকুছিত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। আজি পুৱা প্ৰায় ৮.৩০ মান বজাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানেকুছিত সংঘটিত উক্ত যাত্ৰীবাহী বাছ দুৰ্ঘটনাত বহু কেইগৰাকী যাত্ৰী আহত হোৱাৰ লগতে কথমপি ৰক্ষা পৰে বহু কেইগৰাকী যাত্ৰীৰ জীৱন। প্ৰাপ্ত বাতৰি মতে বৰপেটা-পাঠশালা দিশৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰী কঢ়িয়াই অনা এ এছ ১৫-চি ৭৬৬৫ নম্বৰৰ আলট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ মাজত থকা এডাল গছত তীব্ৰ জোৰে খুন্দা মাৰে। ফলত দহগৰাকী যাত্ৰী আহত হয় যদিও কোনো যাত্ৰী নিহত হোৱা নাই। আহত যাত্ৰীসকলক ১০৮ এম্বুলেন্সৰ জৰিয়তে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় আৰু নলবাৰী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটোত বাছখনৰ আগফালটো ক্ষতিগ্ৰস্ত হয়।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন