সম্পত্তি গোপন–কৰফাঁকিৰ অভিযোগত দোষী সাব্যস্ত মহান টেনিছ তাৰকা কিংবদন্তি বৰিছ বেকাৰক কাৰাগাৰলৈ নিক্ষেপ
নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ জার্মানীৰ কিংবদন্তি টেনিছ খেলুৱৈ বৰিছ বেকাৰক সম্পত্তি গোপন আৰু কৰ ফাঁকিৰ অভিযোগত দোষী সাব্যস্ত কৰিছে আদালতে৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল মুঠ চাৰিটা অভিযোগ৷ আজি তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ ৰায়দান কৰা হয়৷ সেই অনুসৰি প্রাক্তন খেলুৱৈগৰাকীক আঢ়ৈ বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ নির্দেশ দিছে লণ্ডনৰ ছাউথৱার্ক ক্রাউন আদালতে৷ ৫৪ বছৰীয়া বৰিছৰ বিৰুদ্ধে ৩.৫০ লক্ষ পাউণ্ড ধন প্রাক্তন পত্নীৰ একাউণ্টলৈ পঠিয়াই তাক গোপন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ইয়াৰ উপৰি উইম্বলডন ট্রফী, জার্মানীত থকা বহু স্থাৱৰ সম্পত্তি আৰু লণ্ডনৰ এটি ফ্লেটৰ কথাও গোপন কৰি নিজকে দেউলীয়া ঘোষণা কৰিছিল তেওঁ৷ স্পেইনৰ মায়ুৰকায়ত সম্পত্তি ক্রয় কৰাৰ নামত ৩ লক্ষ পাউণ্ডৰ অধিক বেংক ঋণ লৈছিল তেওঁ৷ কিন্তু ঋণৰ কিস্তি পৰিশোধ নকৰি নিজকে দেউলীয়া হিচাপে ঘোষণা কৰে বিশ্বৰ প্রাক্তন এক নম্বৰ খেলুৱৈগৰাকীয়ে৷ আদালতত তেওঁ উইম্বলডনৰ দুটা ট্রফী হেৰোৱা বুলি জনাইছিল৷ তদন্তত পোহৰলৈ আহে যে বেকাৰে বিভিন্ন অনলাইন সংস্থাৰ পৰা দামী কাপোৰসহ বিপুলসংখ্যক বয়বস্তু ক্রয় কৰিছিল৷ তদন্তত আৰু জনা যায় যে দুই প্রাক্তন পত্নী বাৰবাৰা আৰু লিলিসহ মুঠ ৯জনৰ একাউণ্টত ৩.৫০ লাখৰো অধিক পাউণ্ড পঠিয়াই দিছিল৷ আজি তেওঁৰ বান্ধৱী লিলিয়ান ডে কাৰভালহোক লগত লৈ আদালতত প্রৱেশ কৰে৷ সেই সময়ত তেওঁ পৰিধান কৰে উইম্বলডনৰ সেই বিখ্যাত টাই৷ আইনজীৱী ৰেবেকা চকলিয়ে বিচাৰকক জনায় যে বেংকৰ অধিকাৰীসকলৰ ওচৰত সত্য গোপন কৰিছিল বেকাৰে৷ বিচাৰক ডেবোৰা টেইলৰে সকলো শুনাৰ পিছতে তেওঁৰ শাস্তি ঘোষণা কৰে৷ বিচাৰকে ৬ বাৰৰ গ্রেণ্ড শ্লাম বিজয়ী খেলুৱৈগৰাকীক মুঠ আঢ়ৈ বছৰৰ বাবে কাৰাবাসৰ নির্দেশ দিয়ে৷ পিছত বেকাৰক উদ্দেশ্যি বিচাৰকে কয় যে তেওঁক বাৰে বাৰে সতর্ক কৰাৰ পিছতো গুৰুত্ব নিদিলে আৰু তাৰ বাবেই এই শাস্তি প্রদান কৰিবলগীয়া হ’ল৷ আইনৰ ফালৰ পৰা তেওঁৰ জনপ্রিয়তা নাশ কৰাৰ চেষ্টা কৰা হোৱা নাই বুলিও বিচাৰকে সদৰী কৰে৷