নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপালত অসমৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-ছাত্ৰৰ কৃতিত্ব, আঁজুৰি আনিলে পাঁচটাকৈ পুৰষ্কাৰ

বিশেষ বাৰ্তা, শুৱালকুছি, ৩০ এপ্ৰিলঃ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হোৱা ৰাস্ট্ৰীয় আয়ুৰ্বেদিক যুৱ সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰি জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ তিনিগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি পাঁচটাকৈ পুৰস্কাৰৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে৷ উল্লেখ্য যে, ২২ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ ২,১২০ গৰাকীয়ে অংশগ্ৰহণ কৰে৷ অসমৰ জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ নাক, কাণ আৰু ডিঙি বিভাগৰ মূৰব্বী অধ্যাপক ডা°জ্যোতিৰ্ময় শৰ্মাই টেবুল টেনিছ আৰু  Scientific Paper Presentation ত দ্বিতীয় পুৰস্কাৰ, মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ সন্দীপন দাসে গীত পৰিবেশন আৰু বাদ্যযন্ত্ৰ পৰিবেশন কৰি প্ৰথম আৰু তৃতীয় পুৰস্কাৰ আৰু দেশৰ বিভিন্ন ৰাজ্যৰ ৭০ জনৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা মহাবিদ্যালয়খনৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ বিশাল প্ৰিয়ম ডেকাই তৰ্ক প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে৷ প্ৰতিযোগিতাৰ পুৰস্কাৰসমুহ ২৪ এপ্ৰিলত ভূপালৰ ৰবীন্দ্ৰ ভৱনত ভূপালৰ সংসদ তথা বাটপটু ৰাজনীতিবিদ প্ৰজ্ঞা সিং ঠাকুৰে প্ৰদান কৰে ৷ অধ্যাপক আৰু ছাত্ৰৰ এই ক্‌তিত্বৰ বাবে জালুকবাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সকলোৱে আদৰণি জনাইছে ৷
You might also like