নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা চন্দনৰ গছপুলি ৰোপণক লৈ অসম-মেঘালয় সীমান্তত উত্তেজনা

শূন্যলৈ ২০ জাঁই গুলী মাৰি পৰিস্থিতি নিয়ন্ত্ৰণ অসম আৰক্ষীৰ

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল টাপাতত খাছী আৰু কাৰ্বি ৰাইজৰ মাজত ব্যাপক সংঘাতৰ সৃষ্টি হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি, অসম-মেঘালয় সীমান্ত অঞ্চলৰ অসমভূমিৰ টাপাত অঞ্চলত কেইবাদিনো ধৰি স্থানীয় ৰাইজে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহযোগত এক বৃহৎ পাহাৰীয়া এলেকাত ৰঙা চন্দন গছৰ পুলি ৰোপন কৰি আহিছিল ৷

উক্ত ভূমি মেঘালয়ৰ বুলি দাবী কৰি একাংশ খাছীলোকে বিগত সময় ধৰি গছপুলি ৰোপনত বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰি আহিছিল৷ উক্ত বিষয় সন্দৰ্ভত শান্তি আলোচনাৰ বাবে তাপাত প্ৰাথমিক বিদ্যালয়ত দুই ৰাজ্যৰ সীমান্তবাসী ৰাইজৰ মাজত এক ইতিবাচক আলোচনা হোৱাৰ কথা আছিল৷

সেইবাবে মেঘালয়ৰ খাছী জনতাই তাপাত প্ৰাথমিক বিদ্যালয়লৈ আহে যদিও অসমৰ ফালৰ মুৰব্বী লোকসকল আলোচনাৰ সভাৰ ব্যৱস্থাপনাত ব্যস্ত হৈ থকাৰ বাবে পাঁচ মিনিট পলমকৈ আহিছিল। ফলত খাছীলোকসকল উক্ত স্থান এৰি গছপুলি ৰোপণ দিশে গতি কৰে৷ ইফালে অসমৰ কাৰ্বি ৰাইজে কিছু সময় (পাঁচ মিনিট ) অপেক্ষা কৰিবলৈ অনুৰোধ কৰে যদিও মেঘালয়ৰ খাছীলোকসকলে খৰ্গহস্ত হৈ গালি-গালাজ কৰি যোৱাৰ পথত কাৰ্বি ৰাইজে ৰোপন কৰা ৰঙা চন্দনৰ গছপুলিবোৰ উঘালি, কাটি-বিনষ্ট কৰিবলৈ আৰম্ভ কৰে৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি লোকৰ মাত্ৰ দহ-পোন্ধৰজন মানে খাছীসকলক এই কাৰ্যত বাধা প্ৰদান যাওঁতেই প্ৰায় সহস্ৰাধিক খাছী লোকে পাহাৰৰ ওপৰৰ পৰা নামনিলৈ খেদি আহে৷ প্ৰাৰম্ভিক অৱস্থাত কাৰ্বি আৰু খাছী জনতাৰ মাজত সামান্যতম সংঘাত হয় যদিও পৰৱৰ্তী সময়ত এই সংঘাতে দুই ফৈদৰ মাজত তুমুল হতাহতিৰ সৃষ্টি কৰে।

শ শ খাছী জনতাই হাতত শিলগুটি, বাটতু গুটি লৈ কাৰ্বি লোকসকলক আক্ৰমণ কৰে৷ ইয়াৰে একাংশ খাছীলোকে শিলগুটি নিক্ষেপ কৰা একাংশ কাৰ্বি লোক গুৰুতৰভাৱে আহতও হয়৷ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হোৱাৰ বাবে অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ আৰু ২০ জাঁই গুলী শূণ্যলৈ মাৰে৷

প্ৰায় এঘন্টা যোৰা চলা সংঘাতত খাছীলোকে অসমভূমিত ৰোপন কৰা পাঁচ সহস্ৰাধিক চন্দন গছৰ পুলি কাটি তচনচ কৰাৰ লগতে কাৰ্বি জনতাই নিৰ্মাণ কৰা এটি আশ্ৰয় শিবিৰত অগ্নিসংযোগ কৰে আৰু বহু খাদ্যসামগ্ৰী ধ্বংসস্তুপত পৰিণত কৰে৷ পৰিস্থিতি কিছু শান্ত হোৱাৰ পিছতেই পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আহি উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰি ৰখাৰ বাবে দুই ৰাজ্যৰ জিলা প্ৰশাসনে আলোচনা কৰে৷

Niyomiya Barta Desk, Date of Published – 26-06-2025

You might also like