নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ টেৰাকোটা শিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ অসম গৌৰৱ বঁটা

🔹 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে উজলিল ধুবুৰী জিলাৰ বিশিষ্ট টেৰাকোটা শিল্পী ধীৰেন্দ্ৰ নাথ পাল। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য ১২গৰাকীৰ লগতে বৰ্ষীয়ান শিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সেই ঘোষণাৰ পিছত জিলাখনৰ গৌৰীপুৰৰ সমীপৰ আশাৰীকান্দিৰ পালৰ পৰিয়ালত এতিয়া উছাহৰ ধল। বয়স তথা সম্প্ৰতি ভৰিত হোৱা এক অস্ত্ৰোপচাৰৰ বাবে কিছু ক্লান্ত পালে অসম গৌৰৱ বঁটাৰ বাবে মনোনীত হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়- “অসম গৌৰৱ বঁটা আগবঢ়োৱা বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো।” তেওঁ আৰু কয়- “মোৰ ভাতৃস্বৰূপ, অসম চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সদায় মোৰ খা-খবৰ লৈ থাকে। তেওঁকো ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ ৰাজনৈতিক জীৱনৰ দীর্ঘায়ু কামনা কৰিছোঁ।” তেওঁৰ নাম মনোনীত কৰি পঠিওৱা বাবে ধুবুৰী জিলাৰ আয়ুক্তগৰাকীলৈও ধন্যবাদ জনায় বিশিষ্ট টেৰাকোটা শিল্পী তথা অসম গৌৰৱ পালে। বহু বছৰৰ পৰা পালৰ শৈল্পিক যাত্ৰাৰ সংগী তথা পত্নী শেফালী পালেও মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে স্বাধীনতাৰ বহু পূৰ্বে ১৯৪২ চনত তদানীন্তন পূৰ্ব বংগ তথা অধুনা বাংলাদেশৰ পাবনাত জন্ম হৈছিল ধীৰেন্দ্ৰ নাথ পালৰ। মাথোঁ ২ মাহ বয়সতে পিতৃ-পৰিয়ালসহ অসমলৈ আহিছিল তেওঁ। প্ৰথমাৱস্থাত অসমৰ নগাঁৱত থিতাপি ল’লেও পিছলৈ গৈ আশাৰাকান্দী গাঁৱত নিগাজিকৈ থাকিবলৈ লয় তেওঁৰ পৰিয়ালে। মাথোঁ ১০ বছৰ বয়সতে টেৰাকোটা শিল্পৰ জগতখনত খোজ পেলাইছিল পালে। প্ৰায় ৯ বছৰৰ নিৰলস প্ৰচেষ্টা, কৰ্মৰাজিৰে মাথোঁ ১৯ বছৰ বয়সতেই টেৰাকোটা শিল্পী ৰূপে সুখ্যাতি লাভ কৰিছিল তেওঁ। বহু সন্মানেৰে বিভূষিত ধীৰেন্দ্ৰ নাথ পালে অসম গৌৰৱ বঁটাৰে উজলি উঠাৰ সমান্তৰালকৈ ধুবুৰী জিলালৈও আনিলে বিশেষ গৌৰৱৰ ক্ষণ।

You might also like