নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিশপ্ত বুধবাৰ : দেৰগাঁৱত হৃদয়বিদাৰক পথ দুৰ্ঘটনা

🔴নৱবৰ্ষৰ আনন্দৰ মাজতেই মৰ্মান্তিক ঘটনা
🔴একে পৰিয়ালৰ চাৰিজনসহ মুঠ ১২জন নিহত, আহত ৩০জন
🔴কমাৰবন্ধাৰ পৰা টিলিঙা মন্দিৰলৈ গৈ আছিল দলটো
🔴শাৰী শাৰী মৃতদেহ দেৰগাঁৱত, আত্মীয়-স্বজনৰ কান্দোনৰ ৰোল

দেৰগাঁৱৰ বালিজানৰ পৰা প্ৰণৱ চক্ৰৱৰ্ত্তী, ৩ জানুৱাৰী : নৱবৰ্ষক আদৰাৰ উখল মাখল পৰিৱেশৰ মাজতে আজি নৱবৰ্ষৰ তৃতীয়টো দিনৰ নিচেই পুৱা দেৰগাঁৱৰ বালিজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বাৰজনকৈ লোক নিহত হোৱাৰ ঘটনাই ৰাজ্য জুৰি শোকৰ ছাঁ পেলাই। ঘটনা সম্পৰ্কত জানিব পৰামতে, গোলাঘাটৰ কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ এখন আল্ট্ৰা বাছেৰে আহি থকা বনভোজ দলৰ গাড়ীখনৰ লগত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়।যাৰ ফলত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকসহ অতি বিধ্বস্ত ৰূপ লোৱা আল্ট্ৰা বাছখনৰ এঘাৰজনকৈ লোকৰ মৃত্যু হয়।ইয়াৰ ভিতৰত এজনী সাত বছৰীয়া কিশোৰীকে ধৰি একেটা পৰিয়ালৰ চাৰিজন সহ বাৰজনকৈ লোকে অকাল মৃত্যুক সাৱটি ল’ব লগা হয়।দৈব্যক্ৰমে এই ভয়াবহ দুৰ্ঘটনাটোত এটি তিনি বছৰীয়া কন্যা শিশু সহ মাতৃ আৰু বাছখনৰ বাকী যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে।কাল মৃত্যুৰ আহ্বান নেওচি প্ৰাণ ৰক্ষা পৰা বনভোজ দলটোৰ একাংশ সদস্যই জনোৱা মতে, গোলাঘাট কমাৰবন্ধা বছা ভৰলুৱা গাঁৱৰ পৰা পুৱা প্ৰায় তিনি বজাতে AS02AC 5083নম্বৰৰ এখন আল্ট্ৰা বাছেৰে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আৰু ঢলা শদিয়ালৈ বুলি আহি আছিল বনভোজদলটো। গাঁৱৰ পৰা ওলাই অহাৰ প্ৰায় ১ঘন্টাৰ পিছতে দেৰগাঁৱৰ ৰাজপথত সংঘটিত হয় দুৰ্ঘটনাটো।৩৫জনৰ আসন থকা বাছখনত মুঠ যাত্ৰী আহিছিল ৫০গৰাকী। উল্লেখযোগ্য যে, দেৰগাঁৱৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ হ’ল যদিও নিৰ্মানকাৰী পক্ষই ৰাষ্ট্ৰীয় পথৰ এইছোৱা পথ নিশা ওৱান ৱে কৰি থৈছিল।যৰবাবে নিজা পথেৰে গৈ থকা স্বত্বেও বাছখন বিপৰীত দিশৰ পৰা অহা কয়লা পৰিবাহী ট্ৰাকখনেৰে মুখামুখি সংঘৰ্ষ হয়।AS01PC0 648 নম্বৰৰ ট্ৰাক খনে কয়লা কঢ়িয়াই মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীৰ দিশেৰে আহি আছিল।বৰ্তমানলৈকে পোৱা তথ্য মতে, দুৰ্ঘটনাটোত নিহত হোৱাসকল হল-অনিমা শইকীয়া (৬০),শুভাংকুৰ শইকীয়া ( ১৩),নিহাৰিকা শইকীয়া (১০), দিপালী শইকীয়া (৩৭),নৱজিৎ শইকীয়া (৪০),পিংকী শইকীয়া (৪৮),ৰিংকি বৰা(১৮), মৃদুল বৰা (৩০)(বাছ চালক) নিত্যানন্দ বৰা(৪৮),প্ৰিঞ্চিপ্ৰিয়া বৰা(৭), সোমেশ্বৰ বৰা(৪৩)আৰু নুৰ আলম হক(৩৪)(ট্ৰাক চালক)।নিহতসকলৰ ভিতৰত দিপালী শইকীয়া আৰু শুভাংকুৰ শইকীয়া মাতৃ পুত্ৰ হোৱাৰ লগতে পিংকী শইকীয়া আৰু নিহাৰিকা শইকীয়া মাক জীয়েক।একেটা পৰিয়ালৰ এই চাৰিজন থিতাতে মৃত্যু হোৱাৰ বিপৰীতে সেই পৰিয়ালৰে মাইনী শইকীয়া সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।এই পৰিয়ালটোৰ বসন্ত শইকীয়া আৰু দুল শইকীয়াৰ বাদে সকলোজনেই বনভোজ দলটোত আহিছিল।নিহত অনিমা শইকীয়াও এই পৰিয়ালৰে নিকট আত্মীয় আছিল বুলি জানিব পৰা গৈছে। ইপিনে,দুৰ্ঘটনাটোত দুয়োখন গাড়ীৰে চালকদুজনৰো মৃত্যু হয়। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰা সকলৰ ভিতৰত শ্যামলী শইকীয়া নামৰ তিনিবছৰীয়া এটি শিশুসহ মাতৃ পূজা বৰা শইকীয়া আৰু অনান্য সকলৰ ভিতৰত একাংশ লোক সুকলমে গৃহাভিমুখে যাবলৈ সক্ষম হৈছে যদিও কুৰিজনতকৈও অধিক লোক এতিয়াও যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে।ঘটনাৰ পিছতে ঘটনস্থলীত উপস্থিত হৈ গোলাঘাটৰ জিলা আয়ুক্ত ডা;:পি উদয় প্ৰবীণ, আৰক্ষী অধিক্ষক ৰাজেন সিং,অগপৰ মুখপাত্ৰ নুৰুল চুলতান,অসম আৰক্ষী সমন্বয় আয়োগৰ সদস্য ড*মৃদুল কুমাৰ দত্ত প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়াসকলে ঘটনাৰ বুজ লয়। মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত আদিয়েও ফোনযোগে দুৰ্ঘটনাটোৰ বুজলৈ নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে,২০২৪বৰ্ষৰ আৰম্ভণিতেই সংঘটিত আজিৰ শোকাবহ দুৰ্ঘটনাটোকলৈ দেৰগাঁও শোকস্তব্ধ হৈ পৰে।দুৰ্ঘটনাস্থলীৰ পৰা উঠাই আনি দেৰগাঁও সামূহিক চিকিৎসালয় কক্ষত শাৰী শাৰীকৈ থোৱা মৃতদেহ চাই নিহতসকলৰ আত্মীয়ৰ হিঁয়াভঙা কান্দোন তথা অগনন লোকে চকুলো নিগৰোৱাৰ দৃশ্য আছিল অতি হৃদয় বিদাৰক।

“দেৰগাঁৱৰ ৰাজপথত মৃত্যুৰ কিৰিলি।কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা?
যমদূত ৰূপী ট্ৰাক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নে বেদখলকাৰীৰ দপদপনি?

দেৰগাঁৱৰ বালিজানত আজি পুৱা প্ৰায় ৪-৩০ বজাত সংঘটিত হোৱা হৃদয় বিদাৰক পথ দূৰ্ঘটনাক লৈ ৰাজ্যখনৰ লগতে দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কি কাৰনে দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিতৌ সংঘটিত হৈ আহিছে দূৰ্ঘটনা ।ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি কিয় — এইয়া হৈ পৰিছে কোটি টকীয়া প্ৰশ্ন। গোলাঘাটৰ কমাৰবন্ধা বছাভৰলুৱা গাওঁৰ পৰা তিনিচুকীয়ালৈ বুলি বন ভোজ খাবলৈ আহি থকা আল্ট্ৰা বাছখন আৰু কয়লা ভৰ্তী ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত মুঠ ১২ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ পাছতে দেৰগাঁৱৰ সচেতন নাগৰিকসকল সৰব হৈ উঠিছে।ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ চুড়ান্ত হেমাহি আৰু অমনোগীতাৰ লগতে পথনিৰ্মাণকাৰী সংস্থা-গণপতি কণস্ট্ৰাকচনৰ মইমতালীত বছৰ বছৰ ধৰি বৃহত্তৰ দেৰগাঁও অঞ্চলৰ লগতে দাতিকাষৰিয়া অঞ্চলৰ ৰাইজে হাৰাশাস্তি ভূগি আহিছে ।এই পথ নিৰ্মান কাৰি সংস্থাটো ইমানেই প্ৰভাৱশালী যে জিলা প্ৰশাসনকো কেৰেপ নকৰে ।পথ নিৰ্মানকাৰি সংস্থাটোৰ চুড়ান্ত গাফিলতি আৰু পথ নিৰ্দেশনা দিয়াত ব্যৰ্থতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰাথমিক ভাৱে জানিব পৰা গৈছে ।ইয়াৰ ওপৰিও দেৰগাঁৱৰ মাজেৰে অবৈধভাৱে কয়লা সৰবৰাহ আৰু অভাৰলোড কয়লাভৰ্তী ট্ৰাকে ৰাজপথত সন্ত্ৰাস চলাই অহা নিত্যনৈমতিক ঘটনাত পৰিণত হৈছে।আজি সংঘটিত হোৱা পথ দূৰ্ঘটনাটোত একে দিশৰে পৰা দুখন গাড়ী আহি মুখামুখি সংঘৰ্ষ লাগে ।বাছখন দেৰগাঁৱৰ পৰা তিনিচুকীয়ালৈ নিজ পথতে গৈ আছিল যদিও চৈধ্য চকীয়া ট্ৰাকখনে ভুল পথৰে আহি খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ঘটনা।কিন্তু কয়লা ভৰ্তী ট্ৰাক খন কিয় আহিব লগা হল ভুল দিশত এইয়া হৈ পৰিছে ডাঙৰ প্ৰশ্ন ।জানিব পৰা মতে , মাৰ্ঘৰিটাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখনে নিজ পথৰ পৰিৱৰ্তে ভুল পথে আহিব লগা হল কেৱল মাত্ৰ মোক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ ভুলৰ বাবে ।নিশা হলে বন্ধ কৰি থোৱা আৰু দিনত খুলি থোৱা পথৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল ।আজি কুৱলিৰ পৰিমানো ইমান বৃদ্বি পোৱা নাছিল বুলি প্ৰত্যক্ষ দৰ্শী লোকে জানিবলৈ দিছে। ইপিনে, উল্লেখনীয় বিষয় যে, ফৰলেন নিৰ্মান আৰম্ভ হোৱা সময়ৰে পৰাই একাংশ স্বাৰ্থাম্বেষী লোকে নিজা মুনুফা লাভৰ বাবে অবৈধভাৱে বহু মাটি বেদখল কৰি অট্টালিকা নিৰ্মানেৰে ক্ষতিপূৰণ পাবলৈ সক্ষম হৈছিল কোটি কোটি টকা।ফৰলেন নিৰ্মানৰ বিৰূদ্বে গোচৰৰ ওপৰত গোচৰ আৰু আৰু জিলা প্ৰশাসনৰ একাংশ ঘোচখোৰ বিষয়াৰ বাবেই ফৰলেনৰ এনে দুৰ্গতি বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰে।অবৈধ নিৰ্মাণ কাৰ্য উচ্চেদ আৰু ক্ষতিপূৰণ দিয়া নিদিয়াকলৈ চলা টনা আজোৰাৰ ফলত যথেষ্ট লেহেমীয়া হৈ পৰিছিল ফৰলেনৰ নিৰ্মাণ কাৰ্য।এতিয়াও ঠায়ে ঠায়ে অসম্পূৰ্ণ হৈ থকা পথটোৰ এটা কালভাৰ্ট নিৰ্মাণৰ কাম চলি থকাৰ বাবেই ঘাইপথটোৰ এটা অংশ ৰাতি ওৱান ওৱে কৰি থোৱা হৈছিল।আজিৰ দুঘৰ্টনা আৰু পুৰ্বতে হৈ যোৱা ফৰলেন সম্পৰ্কীয় বিভিন্ন গোচৰ আৰু ওজৰ আপত্তিৰ সম্পূৰ্ণ তদন্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে ।ইপিনে কয়লা সৰবৰাহ কৰা গাড়ীখন ক’ৰ হয় আৰু কোনে অবৈধ্ভাৱে কয়লা সৰবৰাহ কৰি আহিছে এইয়া হৈ পৰিছে অধিক ৰহস্য ।যমদূত ৰূপী ট্ৰাকখনৰ নথিপত্ৰ বৈধ আছিলনে — আৰক্ষীৰ তদন্ত কোনদিশে যায় সেইয়া হব লক্ষনীয় ।কিন্তু দুৰ্ঘটনাত পতিত দুয়োখন গাড়ীয়েই যে অধিক বেগত আছিল সেইয়া নিশ্চিত বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য—- এই ভয়াৱহ দিন প্ৰত্যক্ষ নকৰক কোনেও

আজি সংঘটিত হোৱা ভয়াবহ হৃদয় বিদাৰক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে দেৰগাঁৱত ।পুৱা প্ৰায় ৪-৩০ মান বজাত সংঘটিত হোৱা পথ দুৰ্ঘটনাটো আছিল ভাষাৰে বুজাব নোৱাৰা মৰ্মান্তিক আৰু অবৰ্ণনীয় ।বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰকাণ্ড শব্দই ঘটনাস্থলিত পুৱাই লাগিল হুৱাদুৱা।আহত সকলৰ কাতৰ চিতকাৰ আৰু নিহত সকলৰ নিথৰ দেহ ।স্থানীয় লোকে আৰম্ভ কৰে উদ্বাৰ অভিযান ।নৱ বৰ্ষৰ প্ৰথম সপ্তাসত ইমান ভয়াবহ দূৰ্ঘটনা প্ৰত্যক্ষ কৰি হাহাকাৰ কৰি উঠে সকলো ।ব্যস্ত ৰাজপথ হৈ পৰে নিৰৱ ।প্ৰত্যক্ষ দৰ্শী লোক সকলে আচলতে ভাষাৰে বৰ্ননা কৰিব নোৱাৰা এক পৰিবেশৰ মাজত সোমাই পৰে ।জীৱন্তে যিসকল লোকক উদ্বাৰ কৰিব পাৰিছে তেওলোকক উদ্বাৰ কৰি মনত লাভ কৰিছে কিছুপৰিমানে আনন্দ ।মৃতদেহ উদ্বাৰ কৰা প্ৰত্যক্ষ দৰ্শীয়ে নিজেই চিতকাৰ কৰি উঠিল —-এই পৰিবেশৰ সৈতে কাহিনিও কোনেও যাতে নহয় মুখামুখি।এই ভয়াবহ দিন প্ৰত্যক্ষ নকৰক কোনেও ।তীব্ৰ বেগত আহিছিল দুয়োখন গাড়ী ।ভুলদিশৰ পৰা আহি থকা কয়লা ভৰ্তী ট্ৰাকখনে অধিক বোজা কঢ়িয়াই অনাৰ ফলত গতি নিয়ন্ত্ৰন কৰিব নোৱাৰি বাগৰি পৰে ।

You might also like