👉শিৱসাগৰ চহৰৰ মাজমজিয়াত উদঙীয়া গৰুৰ অৱস্থানক লৈ চাঞ্চল্য
👉গৰুৰ বাবেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰিছে বহুজন
👉চিৰদিনৰ বাবে ঘূনীয়া হৈছে বহু ব্যক্তি
👉যি কোনো সময়তেই ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা
👉প্ৰশাসনক তাৎক্ষনিক ব্যৱস্থা গ্ৰহণেৰে উদঙীয়া গৰু গোশালালৈ প্ৰেৰণৰ দাবী
👉উদঙীয়া গৰুৰ আতংকক লৈ সামাজিক মাধ্যম তোলপাৰ
নিয়মীয়া বাৰ্তা, ১৯ জুলাই : শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সঘন প্ৰাণ হানিকৰ দুৰ্ঘটনাৰ বাবে সম্প্ৰতি সবাটোতকৈ আতংক আৰু বিপদজনক কাৰণটোৱেই হৈছে উদঙীয়া গৰু ৷একাংশ অবিবেচকী – কাণ্ড জ্ঞান শূণ্য গৰুৰ মালিকৰ চুড়ান্ত মইমতালিৰ বাবেই শিৱসাগৰত সুলভ হৈ পৰিছে প্ৰাণ হানিকৰ দুৰ্ঘটনা ৷ইজনৰ পিছত সিজন নিৰীহৰ একমাত্ৰ ৰাজপথত অৱস্থান কৰা উদঙীয়া গৰুৰ অৱস্থানৰ বাবেই সংঘটিত দুৰ্ঘটনাত নিৰীহৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাক লৈ শিৱসাগৰক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷বিশেষকৈ গৰুৰ মালিকে মুকলি পথাৰত গৰু চৰিবলৈ এৰি দিয়াৰ পৰিৱৰ্তে ৰাজপথৰ ওপৰলৈ গৰু খেদি দিয়াৰ বাবেই নিয়মিত ইটোৰ পিছত সিটো দুৰ্ঘটনা হোৱাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷আন নালাগে উদঙীয়া গৰুৰ আতংকৰ বিৰুদ্ধে প্ৰশাসনৰ চুড়ান্ত নিলিপ্ততাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷গৰুৰ মালিকৰ মই মতালিৰ বাবেই সংঘটিত দুৰ্ঘটনাত অকাল মৃত্যু, চিৰদিনলৈ ঘূনীয়া হোৱা ঘটনাৰ বাবে মূলতে গৰুৰ মালিককেই দোষী সাব্যস্ত কৰা সাধাৰণ জনতাই শীঘ্ৰেই এনে মালিকৰ বিৰুদ্ধে অপৰাধ জনিত গোচৰ ৰুজূ কৰাৰ দাবী জনোৱাৰ লগতে উদঙীয়া গৰু জব্দ কৰি গো- শালালৈ প্ৰেৰণৰ দাবী জনাইছে ৷আন একাংশই আকৌ সামাজিক মাধ্যমত দুৰ্ঘটনা সংঘটিত কৰা গৰুৰ মালিকৰ পৰা ক্ষতিপুৰণ আদায়ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন – চৰকাৰৰ প্ৰতি আহব্বান জনাইছে ৷বিগত দুটা বৰ্ষত সৰ্বাধিক প্ৰায় সহস্ৰাধিক পথ দুৰ্ঘটনা এক মাত্ৰ উদঙীয়া গৰুৰ বাবেই সংঘটিত হোৱাৰ পিছতো কিয় অদ্যপৰিমিত প্ৰশাসন এই স্পৰ্শকাতৰ বিষয়টোক লৈ মৌন হৈ আছে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভূক্তভোগী ৰাইজৰ মাজত ৷উল্লেখ্য যে, শিৱসাগৰ জিলাখনৰ গ্ৰাম্য অঞ্চলৰ বাদেই চহৰাঞ্চলতো সম্প্ৰতি পৰিলক্ষিত হৈছে জাক জাক উদঙীয়া গৰুৰ অৱস্থান ৷পুৱাতেই গৃহস্থই চৰণীয়া পথাৰলৈ চৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে গোহালিৰ পৰা পোনে পোনে ৰাজপথলৈ উলিয়াই পঠিওৱা গৰু সমুহে পথৰ ওপৰত শুই বহি যাতায়ত স্থবিৰ কৰি তুলিছে ৷জানিব পৰা মতে শিৱসাগৰ জিলাখনৰ অতি ব্যাস্ততাপুৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতি দুই কিলোমিটাৰ ব্যৱধানত এনে একো একোটা উদঙীয়া গৰুৰ জাক পৰিলক্ষিত হয় ৷ইফালে গ্ৰাম্য অঞ্চলৰ বাট পথ সমুহৰ লগতে পুৰণি এ টি ৰোড, নাজিৰা আলি আৰু বৰ আলিতো অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে ৷পৰিণতিত সঘন দুৰ্ঘটনা আৰু যান- বাহণ ক্ষতি গ্ৰস্থ হোৱাতো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে ৷একে সময়তেই আন এক ভয়ংকৰ বিপদ আহিছে পথৰ কাষত এৰাল দিয়া গৰুক লৈ ৷চুড়ান্ত অবিবেচকী কাৰ্য্যৰে পথৰ কাষত এৰাল দিয়া গৰুৰ এৰালত জোটা- পোতা খাই দুৰ্ঘটনাত পতিত হোৱা নিৰীহ বাইক আৰোহী এতিয়া চিকিৎসালয়ৰ বিছনাত জীৱন মৃত্যুৰে যুঁজিছে ৷অথচ কাণ সাৰ নাই প্ৰশাসনৰ ৷ইফালে শিৱসাগৰ চহৰৰ মাজমজিয়াত সন্ত্ৰাস আৰু আতংকৰ অন্য এক নাম হৈ পৰিছে গৰাকী বিহীন উদঙীয়া গৰু ৷চহৰ খনৰ উপ- পথ সমুহৰ লগতে সদা ব্যস্ত চহৰ খনৰ মাজমজিয়াত অৱস্থান কৰা এই গৰাকী বিহীন উদঙীয়া গৰুৰ জাকটোৰ বাবে ব্যাপক ক্ষয় ক্ষতি হৈছে সাধাৰণ ৰাইজৰ ৷সঘন দুৰ্ঘটনা – যান বাহণত খুণ্ডিয়াই ক্ষতি সাধন কৰাতো সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ব্যস্ত পথৰ মাজত জাক পাতি অৱস্থান কৰাৰ ফলত যাতায়ত বাধাগ্ৰস্থ আৰু দুৰ্ঘটনা সংঘটিত হোৱাতো সাধাৰণ ঘটনাত পৰিণত হৈছে ৷অথচ কিন্তু ৰাজহ সংগ্ৰহৰ প্ৰতিযোগিতাত নিৰীহ যান- বাহন, বাইক আৰোহী – চালকক ই চালান কটাত নিয়োজিত যান- বাহণ আৰক্ষীৰ চকুৰ সন্মুখতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে শিৱসাগৰত ৷কালি দুপৰীয়া বৰ আলি অঞ্চলত এহাল বাইক আৰোহী দম্পতি উদঙীয়া গৰুৰ জাকৰ বাবেই শিশু সহ দুৰ্ঘটনাত পতিত হোৱাৰ লগতে দিখৌ দলঙৰ সমীপত নগৰৰ দিশে এখন নতুনকৈ ক্ৰয় কৰা ক্ৰেটা গাড়ী উদঙীয়া গৰুৰ খুণ্ডাত বিস্তৰ ক্ষতি সাধন হৈছে ৷কিন্তু ইমানৰ পিছতো একাংশ গৰুৰ মালিকে পুৱাতেই চহৰৰ মাজমজিয়াত পেলনীয়া সা- সামগ্ৰী আৰু বিভিন্ন প্ৰতিস্থানে আগবঢ়োৱা খাদ্য খাবলৈ গৰু সমুহ চহৰৰ মাজমজিয়ালৈ খেদি দি আনৰ জীৱন বিপদাপন্ন কৰি আহিছে ৷সচেতন মহলে শীঘ্ৰে জিলা প্ৰশাসন- আৰক্ষী প্ৰশাসনক যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ সমান্তৰালে এই উদঙীয়া গৰু সমুহৰ গৰাকীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা আৰু চহৰৰ মাজমজিয়াত অৱস্থান কৰা গৰু সমুহ জব্দ কৰি গো- শালালৈ প্ৰেৰণৰ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান