নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰ-খৈৰাবাৰী পথত ভয়ংকৰ ফাট

 নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ বৰ্তমান শাসনাধিষ্ঠিত দলৰ মুৰব্বী প্ৰমোদ বড়োৰ বিটিআৰৰ ওদালগুৰি আৰু বাক্সা  জিলা সংযোগী গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ-খৈৰাবাৰী অন্যতম পথটোৰে বিপদসংকূলভাৱে যাতায়ত অব্যাহত ৰাখিছে সৰ্বসাধাৰণ ৰাইজে। যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ ভিতৰতে অসমক  উন্নয়নৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিবলৈ সপোন দেখিছে, কিন্তু তেনে সময়ত এতিয়া বিশেষকৈ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ওদালগুৰি আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ৰাস্তা-পথ দুৰৱস্থাই যমৰ যান্ত্ৰণা ভোগাই আহিছে। গোৰেশ্বৰ-খৈৰাবাৰী সংযোগী অন্যতম ব্যস্ত পথটোৰে এতিয়া যাতায়ত কৰিবলৈ হ’লে হাজাৰবাৰ ভাবিব লাগিব পথচাৰীয়ে। ওদালগুৰি, বাক্সা আৰু দৰংতিনিখনকৈ জিলা সংযোগী পথটোৰ কেইবাটাও স্থানত বৃহৎ-বৃহৎ ফাটৰ সৃষ্টি হৈছে। যাতায়ত পথটো কেবাস্থানতো ফাঁট মেলি বহি যোৱাত সেয়েহে এতিয়া যাতায়তৰ বাধিত হোৱাৰ শংকা ঘণীভূত হৈ পৰিছে । কাষৰে বৈ যোৱ এটা জানৰ পাৰে পাৰে মাটি বহি গৈ লোকনিৰ্মাণ বিভাগৰ এটি ব্যস্ত পথটোলৈ এতিয়া ভাবু্কি কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে লোকনিৰ্মাণ বিভাগে মাথোঁ কেইটামান বস্তা দি বিপদসংকেত দিয়েই তেওঁলোকৰ দায়িত্ব সামৰি হাত সাৱটি বহি আছে। ইফালে কিন্তু প্ৰতিদিনে বিলাসী বাহনত চাইৰেন বজায় ৰজাঘৰীয়াৰ বৰমুৰীয়া নেতা পালিনেতাকে ধৰি লোকনিৰ্মাণ বিভাগৰ বিষয়ববীয়াসকলে নিতৌ অহা যোৱা কৰে। তথাপি কিন্তু মাহৰ পিছত মাহ গ’ল পিছে চকুত নপৰিল এই জহি-খহি যাবলৈ ধৰা পথছোৱা মেৰামতি কৰি সৰ্বসাধাৰণ ৰাইজক যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ। উল্লেখ্য এই পথটোৰে গোৰেশ্বৰৰ পৰা দৰং আৰু ওদালগুৰি জিলালৈ অহা -যোৱাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ। কিন্তু এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গড়কপ্তানি বিভাগটোৱে বৰ্তমানলৈকে মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠন‌ স্থানীয়  অঞ্চলবাসী ৰাইজ।
প্ৰেৰক পিংকু কলিতা
You might also like