নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকান ঘৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : বৰপেটালাৰ কলগাছিয়া থানাৰ অন্তৰ্গত এক ব্যৱসায়িক কেন্দ্ৰ কলগাছিয়া বজাৰত আজি সংঘটিঠিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত কেইবাখনো দোকান পোহাৰ সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয় যদিও কথমপি ৰক্ষা পৰে কলগাছিয়া বজাৰৰ সমগ্ৰ দোকান পোহাৰ। কলগাছিয়া বজাৰৰ গাতে থকা শিক্ষক কোব্বাদ আলীৰ বাসভৱনৰ লগতে ভাৰা দিয়া ৬/৭ খনকৈ ব্যক্তিগত দোকান ঘৰ, আচবাবপত্ৰ, দোকানৰ সামগ্ৰী, নথি পত্ৰ আদি সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। জানিব পৰা মতে, বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘঠিত হয় যদিও কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় ।অগ্নিকাণ্ডৰ ফলত মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ বাবে কান্দোনত ভাঙি পৰে ক্ষতিগ্ৰস্থ ব্যৱসায়ী সকল। এটা দোকান ঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ মূহুৰ্তৰ ভিতৰত শিক্ষক এম কোব্বাদ আলীৰ দুটাকৈ বাসগৃহৰ লগতে গৃহ চৌহদৰ ৬/৭ টাকৈ ব্যক্তিগত দোকান ঘৰ সম্পূৰ্ণকৈ জুইত ভষ্মীভূত হয় । হানিফ আলীৰ জুৱেলাৰী দোকান, জাকিৰ হুছেনৰ চেলুন, মহিদুল ইছলামৰ মোবাইল মেৰামতি কৰা দোকান, হাশেম আলীৰ কাপোৰৰ দোকানৰ ওপৰিও আন দুখন দোকান ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে কথমপি ৰক্ষা পৰে কলগাছিয়া বজাৰৰ সমগ্ৰ দোকান পোহাৰ। ভুক্তভোগীসকলক ক্ষতিপূৰণৰ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক মফিদুল ইছলাম

You might also like