নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত হাঁহচৰা বৰালীগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন পাঁচজন লোক গুৰুতৰভাবে আহত হয়। নিহত শ্ৰমিক দুজন হৈছে শিৱস্তান আৰক্ষী চকীৰ অন্তৰ্গত গৰুমৰাৰ আব্দুল কাচেম (৪৫) আৰু ৰূপহী থানাৰ অন্তৰ্গত শ’লমাৰীৰ কাছেম ওৰফে কামৰুল হুছেইন (৩৭) বুলি জানিব পৰা গৈছে। পুৱা ৯ বজাত সংঘটিত দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ঘটনাস্থলীৰ লগতে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰাপ্ত খবৰ মতে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা এটা কোম্পানীৰ এএছ ০২ চি চি ৫৬৬৬ নম্বৰৰ বলেৰ’ পিকআপ গাড়ী খনে আজি পুৱা প্ৰায় ৯-০০ মান বজাত ৰঙাগড়াৰ পৰা ৮ জন শ্ৰমিকক লৈ উৰিয়াগাঁও বাইপাছ অভিমুখে আহি থকাৰ অৱস্থাতে বৰালীগাঁও মছজিদৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়। তীব্ৰ গতিৰে আহি থকা বলেৰ’ পিকআপ ভানখনৰ পিছফালৰ চকা হঠাৎ পাংচাৰ হৈ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথতে কেইবা পাক মাৰি ডিভাইডাৰত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে গৰুমৰাৰ আব্দুল কাচেম নামৰ শ্ৰমিকজন নিহত হয়। আনহাতে গুৰুতৰ ভাবে আহত আন ৬ জন শ্ৰমিকক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থানীয় ৰাইজে ভৰ্তি কৰে। ঘটনাস্থলীৰ পৰা নিচেই কাষতে থকা চামগুৰি থানাৰ আৰক্ষীয়ো কিছু পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজৰ লগত বাক বিতণ্ডাৰ সৃষ্টি হয়। ইপিনে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কৰ্তব্যৰত চিকিৎসক নথকাত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷ ইপিনে সময়ত উপযুক্ত চিকিৎসাৰ অভাৱত শ’লমাৰী গাঁৱৰ কাচেম আলি( কামৰুল ) নামৰ আন এজন শ্ৰমিকো মৃত্যু মুখত পৰে বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে চামগুৰি স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স আছিল যদিও চালক নথকাৰ বাবে পথ দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা আন কেইজন শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ বাবে পলম হয়। পৰৱৰ্তী সময়ত চামগুৰি থানাৰ আৰক্ষীৰ গাড়ীৰে উন্নত চিকিৎসাৰ বাবে আহত কেইজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা গাড়ী খনৰ চালক বিহাৰৰ বীৰেন্দ্ৰ মুৰীয়া আৰু আন এজন শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে পথ দুৰ্ঘটনাটোত নিহত হোৱা শ্ৰমিক দুজনৰ মৃতদেহ দুটা নগাঁৱৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়ে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like