নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত নগৰবেৰা বজাৰৰ মাজমজিয়াত আজি বিয়লি ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ প্ৰাপ্ত তথ্য মতে সৰুডোৱাৰ পৰা নগৰবেৰা বজাৰৰ মাজমজিয়াৰে পাচলি বজাৰলৈ গৈ থকা অৱস্থাত এ এছ ১২ বি ০১৫৩ নম্বৰৰ চাৰিচকীয়া বাহন খনে ৰাজপথৰে গৈ থকা ই ৰিক্সা এখনত প্ৰথমে খুন্দা মাৰি ৰাজপথৰ বাওঁফালেৰে গৈ থকা অৱস্থাত স্বাহিনাৰা ইয়াছমিন (২৭)ক পিছ ফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়াই পাছলৈ পথৰ দাঁতিৰ দুখনকৈ দোকানতো খুন্দা মাৰে। উক্ত দুৰ্ঘটনাত মহিলাগৰাকীয়ে গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাখনো বাহন, দুয়োখনকৈ দোকানৰ বয়বস্তুৰ ক্ষতি হয়। আহত মহিলাগৰাকীক ততাতৈয়াকৈ বজাৰৰ একাংশ লোকে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ ঘৰ বৰপেটাৰ আলোপতিচৰ থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱত। ইপিনে দুৰ্ঘটনাৰ খৱৰ পাই তাৎক্ষণিকভাৱে নগৰবেৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো জব্দ কৰি থানালৈ নিয়ে ৷ জব্দকৃত বাহনখনৰ গৰাকী নগৰবেৰাৰ সৰুডোৱা অঞ্চলৰ ধনঞ্জয় দাস বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like