বিশেষ বাৰ্তা, ২১ অক্টোবৰঃ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ পুৱতি নিশা সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। AS 01 FP 3591 XUV 700 বাহনখনে মহটিয়াই নিয়ে গীতানগৰ সংযোগী পথৰ এটা অংশ ৷ ফলত বিস্তৰ ক্ষতি হয় উৰণ সেতুখনত অসমৰ মানচিত্ৰ থকা স্মাৰকটো। ওফৰি পৰে স্মাৰকটোৰ ৰেলিংসমূহ। বাহনখনৰ আগফালৰ লগতে পিছৰ অংশটো চুচূৰ্ম হৈ পৰে। বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত থকাৰ কথা সদৰী প্ৰত্যক্ষদৰ্শীৰ। বাহনৰ ভিতৰত উদ্ধাৰ হৈছে এটা মদৰ বটল। চান্দমাৰী দিশৰ পৰা পৰা গনেশগুৰিৰ দিশলৈ তীব্ৰবেগেৰে আহি আছিল বাহনখন ৷ বাহনখনৰ খুন্দাত গুৰুতৰভাবে আহত হয় এজন গৃহৰক্ষী জোৱানৰ উপৰিও এজন সাধাৰণ ব্যক্তি। দুয়োকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰে সুৰামত্ত চালকজনক। সমান্তৰালভাৱে আটক কৰে বাহনখনত থকা এজন আৰোহীকো। লগতে জব্দ কৰে দূৰ্ঘটনা সংঘটিত কৰা বাহনখন।
#বাৰ্তা ডিজিটেল ডেক্স