নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চল্লিশ হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে ঘেৰাও কৰিব সৰ্বশিক্ষাৰ মুখ্য কাৰ্যালয়

শিক্ষামন্ত্ৰীৰ মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ ঠিকাভিত্তিক শিক্ষকৰ

নিয়মীয়া  বাৰ্তা , বনগাঁও , ১৩ ফেব্ৰুৱাৰীঃ সৰ্বশিক্ষাৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ দাবীত আগন্তুক ২৮ ফেব্ৰুৱাৰীত কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিব। বিগত ২০১২ বৰ্ষৰ পৰা বিভিন্ন সময়ত শিক্ষাৰ অধিকাৰ আইন আৰু এন চি টি ইৰ নিয়ম অনুসৰি সম্পূৰ্ণ নীতিগতভাৱে নিযুক্তি লাভ কৰা ঠিকাভিত্তিক প্ৰাথমিক শিক্ষকসকলে ২০১৩ চনৰ পৰাই আৰ অ পি অনুযায়ী দৰমহা লাভ কৰি আহিছে। এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নিৰ্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। সেই অনুসৰিয়ে অসমৰ বিভিন্ন জিলাৰ গাঁৱে-ভূঞে প্ৰায় চল্লিশ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ নিজ সেৱাত ব্ৰতী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰজেক্ট এপ্ৰ’ভেল বৰ্ড'(PAB)ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো ৰাজ্য চৰকাৰখনে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰি ইতিমধ্যে পাই থকা কিছু সুবিধাৰ পৰাও বঞ্চিত কৰাৰ বাবে স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে ঠিকাভিত্তিক শিক্ষকসকল। বিশেষকৈ কোনো ৰহস্যজনক কাৰণত ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বৰ্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। আজি মাজুলী জিলাৰ শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ ‘অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি সংগঠনটোৱে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ডেকাই জনোৱা অনুসৰি বৰ্তমানে  এইসকল শিক্ষকে ৩১ শতাংশ মৰগীয়া বানচ লাভ কৰিব লাগিছিল যদিও কেৱল ১২ শতাংশ মৰগীয়া বানচ লৈয়ে চাকৰি কৰি থাকিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পাছত চৰকাৰৰ ঘোষিত ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাও বঞ্চিত হৈ আছে এইসকল শিক্ষক। ইয়াৰ উপৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপাল নিৰ্দেশনাকো ভঙ্গ কৰিছে। উল্লেখযোগ্য যে ১ জুলাই ২০২০ ইং তাৰিখে ৰাজ্যচৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ৰাজ্যপাল নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰি ৫ লাখ টকা পৰ্যন্ত মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, বেংকলোন (আপোনঘৰ) আদিৰ সুবিধা লাভ কৰিব লাগে। কিন্তু এইসকল শিক্ষকক আজি পৰ্যন্ত কাগজে-পত্ৰই  সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই।

You might also like