তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কোভিদ ১৯ ৰ যোদ্ধাক উষ্ম আদৰণি
নিয়মীয়া বাৰ্তা ৭ মেঃ বুধবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসক, চিকিৎসা কৰ্মী আৰু চিকিৎসালয় খনত কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক চিকিৎসালয় খনৰ অধীক্ষক জৰিয়তে ৰাজ্যৰ স্বাস্থ্য বিভাগে উষ্ম আদৰণি জনাই। উল্লেখযোগ্য যে কোভিদ ১৯ এ চৌদিশে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অধীক্ষক ডাঃ মাধব ৰাজবংশীৰ নেতৃত্বত কৰ্তব্যৰত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ মাজত বিভিন্ন ধৰণৰ চকলেট, মেগী আৰু গাখীৰ বিতৰণ কৰে । এই চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে কভিদ ১৯ ক প্ৰতিহত কৰিবলৈ সন্মুখৰ পৰা যুজঁ দি আহিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ডাঃ মাধব ৰাজবংশীয়ে মাত্ৰ এমাহৰ পুৰ্বে চিকিৎসালয় খনত অধীক্ষক হিচাপে যোগদান কৰিছে।