তেজপুৰত ৰাজেন বৰঠাকুৰৰ প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্রীৰ
সোঁৱৰণী গ্রন্থ উন্মোচন–১২.৫ কিলোমিটাৰ পথ উছর্গা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ছাত্র আন্দোলনৰ পৰা বিভিন্ন সামাজিক কর্মৰ মাজেৰে ৰাজনৈতিক পথাৰত নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা তেজপুৰ আৰু ৰঙাপৰাৰ প্রাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ প্রথম বার্ষিক স্মৃতি দিৱস ডপলক্ষে আজি ওপজা গাঁও তেজপুৰৰ নিজ হলেশ্বৰত দিনজোৰা কার্যসূচীৰে স্মৃতিচাৰণ কৰা হয়৷ বিশিষ্ট ক্রীড়াবিদ, সাহিত্য–সাংস্কৃতিক কৰ্মী ৰাজেন বৰঠাকুৰৰ স্মৃতিচাৰণ আৰু বন্দনাৰে মুখৰিত কৰি তোলে তেওঁৰ বাসগৃহৰ সমীপৰ নিজ হলেশ্বৰ যুৱক কেন্দ্র চৌহদ৷ পুৱাৰ ভাগত স্থানীয় ৰাইজে পৰিৱেশন কৰা ভাগৱত পাঠেৰে শুভাৰম্ভ কৰা এই স্মৃতি দিৱসৰ কার্যসূচীৰ অংশ হিচাপে আজি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি প্রাক্তন বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ তথা প্রাক্তন ছাত্রনেতা জিতেন বৰঠাকুৰে শ্বহীদ তর্পণ কার্যসূচী মুকলি কৰে৷ ইয়াৰ পিছত তেজপুৰৰ সাংসদ তথা ৰাজেন বৰঠাকুৰৰ ঘনিষ্ঠ পল্লৱলোচন দাসে নিজ হলেশ্বৰ যুৱক কেন্দ্রৰ প্রেক্ষাগৃহটো প্রস্তুত কৰি তোলা ৰাজেন বৰঠাকুৰৰ সোঁৱৰণী প্রেক্ষাগৃহ হিচাপে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে৷ প্রেক্ষাগৃহটো নতুন নামকৰণেৰে মুকলি কৰি আগবঢ়োৱা বক্তব্যত ৰাজেন বৰঠাকুৰৰ স্মৃতি ৰোমন্থন কৰি কয় যে ৰাজেন বৰঠাকুৰ মোৰ বাবে অভিভাৱক স্বৰূপ আছিল৷ যেতিয়া মই যিকোনো সমস্যাৰ সন্মুখীন হৈছিলোঁ তেতিয়াই তেওঁ মোক সহযোগিতা আগবঢ়োৱাই নহয়, এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাপে মোক হাতত ধৰি ৰাজনীতিৰ অ–আ শিকাইছিল৷ তেজপুৰ ডন্নয়ন কর্তৃপক্ষৰ সভাপতি বিৰাজ নাথৰ সভাপতিত্বত প্রেক্ষাগৃহৰ মঞ্চত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত অৱসৰপ্রাপ্ত অধ্যাপক ডপেন্দ্রনাথ শর্মা আৰু তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ চাৰু চহৰীয়া নাথে ৰাজেন বৰঠাকুৰৰ স্মৃতি ৰোমন্থন কৰি মৃত্যুৰ ৰহস্যৰ বৈদিক বিশ্লেষণ দাঙি ধৰাৰ লগতে কম বয়সতে ৰাজেন বৰঠাকুৰৰ দৰে ডদ্যমী ৰাজনৈতিক নেতা তথা সক্রিয় সমাজকম্ৰ মৃত্যু বৰ অসহনীয় বুলি মন্তব্য কৰে৷ তেজপুৰ সাহিত্য সভাৰ ডপদেষ্টা তথা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই প্রদান কৰা বক্তব্যত কয়, ৰাজেন আছিল নিঃস্বার্থ ৰাজনীতিবিদ আৰু এগৰাকী আত্মত্যাগী সমাজসেৱক৷ ৰাজনীতি আছিল ৰাজেন বৰঠাকুৰৰ বাহ্যিক আৱৰণ আৰু ভিতৰুৱা মানুহজন আছিল শৈল্পিক চেতনাৰে প্রৌজ্জ্বল৷ বিশাল সাংসৃকতিক মনৰ অধিকাৰী হোৱাৰ বাবেই তেজপুৰৰ সমাজ জীৱনৰ শিক্ষা, সংসৃকতি–সাহিত্য, নাট্য, ক্রীডা আৰু অৱশেষত ৰাজনৈতিক ক্ষেত্রখনতো সফল, জনপ্রিয় আৰু সৰবৰহী হৈছিল৷
উল্লেখ্য যে প্রমূল্যবোধৰ ৰাজনীতিৰ চানেকি দাঙি ধৰা ৰাজেন বৰঠাকুৰৰ নামত সমাজ সংগঠক বঁটা প্রৱর্তনৰ বাবে ভাষণ প্রসংগত অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই মঞ্চত ডপস্থিত থকা মন্ত্রী পীয়ূষ হাজৰিকা, অসম পর্যটন ডন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক ডদ্দেশ্যি আহ্বান জনায়৷ মন্ত্রী পীয়ূষ হাজৰিকাই আগবঢ়োৱা বক্তব্যত জ্যেষ্ঠ ভাতৃপ্রতিম ৰাজেন বৰঠাকুৰৰ কর্মৰাজিৰ কথা উল্লেখ কৰি কয় যে ৰাজেন বৰঠাকুৰ যোৱা দহ বছৰৰ পূর্বে মোৰ চিনাকি হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ ডদ্যমতাৰ প্রতি মই আকৃষ্ট হৈ পৰিছিলোঁ৷ বিধায়ক হিচাপে যেতিয়া তেওঁক পাইছিলো তেতিয়াও তেওঁ অনবৰতে তেজপুৰৰ বিকাশৰ বাবে অহৰহ প্রচেষ্টা চলোৱা প্রত্যক্ষ কৰিছিলোঁ৷ দলৰ প্রতি অতিকৈ দায়বদ্ধ ৰাজেন বৰঠাকুৰক বিগত বিধানসভা নির্বাচনত তেজপুৰৰ পৰা বিজেপিৰ প্রার্থিত্ব প্রদানৰ বিপৰীতে মিত্রদল অগপৰ নেতা বৃন্দাবন গোস্বামীক প্রদান কৰাৰ পিছতো কোনোধৰণৰ ক্ষোভ প্রকাশ কৰা নাছিল৷ ইয়াৰ বিপৰীতে অগপৰ প্রাথ্ গোস্বামীৰ হৈ তেজপুৰত নির্বাচনী প্রচাৰ চলাইছিল ৰাজেন বৰঠাকুৰে৷ আনকি ৰঙাপৰা বিধানসভাৰ ডপ–নির্বাচনৰ বাবেও বিজেপিৰ প্রার্থিত্ব তেওঁ বিচৰা নাছিল৷ এনে এগৰাকী সতীর্থ তথা ৰাজনৈতিক নেতাক হেৰুওৱাটো বিজেপি দলৰ বাবেই কেৱল ক্ষতি নহয়, তেজপুৰ আৰু ৰঙাপৰা সমষ্টিবাসীৰ বাবেও অপূৰণীয় ক্ষতি৷ ইপিনে আন এগৰাকী সতীর্থ জয়ন্ত মল্ল বৰুৱাই প্রদান কৰা বক্তব্যত ৰাজেন বৰঠাকুৰৰ সান্নিধ্যৰ কথা স্মৰণ কৰি কয় যে ৰাজেন বৰঠাকুৰ এগৰাকী অতি আপোচবিহীন আৰু দৃঢ়মনৰ ব্যক্তি আছিল৷ অতি সহজ–সৰল জীৱন যাপন কৰা ৰাজেন বৰঠাকুৰৰ অকাল মৃত্যু সকলোৰে বাবে যিদৰে অসহনীয়, ঠিক একেদৰে আমাৰ সমাজ জীৱনৰ বাবেও ভাবিব নোৱাৰা ক্ষতি বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই৷
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়, ৰাজেন বৰঠাকুৰক মই যেতিয়াৰ পৰাই লগ পাইছেছা, তেতিয়াৰ পৰাই তেওঁৰ ব্যতিক্রমী আৰু গঠনমূলক কাম–কাজ লক্ষ্য কৰিছিলোঁ৷ বৰঠাকুৰে বিজেপিত যোগদান কৰাৰ পিছত যেতিয়াই তেওঁক যিধৰণৰ দায়িত্ব দিয়া হৈছিল তেওঁ সেয়া অতি নিষ্ঠাৰে পালন কৰা প্রত্যক্ষ কৰিছিলোঁ৷ এনে এজন নিষ্ঠাৱান আৰু সক্রিয় ৰাজনীতিকক হেৰুওৱাটো আমাৰ দলৰ বাবে এক বৃহৎ ক্ষতি বুলি প্রসংগক্রমে মন্তব্য কৰে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ ডল্লেখ্য যে অসম সাহিত্য সভাৰ প্রচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অংশগ্রহণ কৰি ৰাজেন বৰঠাকুৰৰ ঘনিষ্ঠ তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগবঢ়োৱা চুটি ভাষণত কয়– ৰাজেন বৰঠাকুৰ এগৰাকী ব্যতিক্রমী চৰিত্রৰ ব্যক্তি আছিল৷ আমাৰ একাংশ ৰাজনৈতিক নেতাৰ সংকটকালত তেওঁ আমাক এৰা নিদি আমাক সংগ দিছিল৷ আনকি কংগ্রেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পিছত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্রার্থিত্ব লাভ নকৰাৰ পিছতো কোনোধৰণৰ আক্ষেপ কৰা নাছিল ৰাজেন বৰঠাকুৰে৷ এনে এগৰাকী সতীর্থক হেৰুৱাই আমি সকলো মর্মাহত৷
উল্লেখ্য যে পংকজ বৰুৱাৰ দ্বাৰা সম্পাদিত ‘দুর্জয়–ত্যাগ আৰু আদর্শৰ চানেকি’ শীর্ষক সোঁৱৰণী গ্রন্থখন আজিৰ এই স্মৃতিচাৰণ সভাখনতে আনুষ্ঠানিকভাৱে ডন্মোচন কৰে বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তদুপৰি এই অনুষ্ঠানতে লোকনির্মাণ বিভাগৰ মন্ত্রীগৰাকীয়ে খনামুখৰ পৰা মানশিৰি হৈ তেজপুৰ–নপামলৈ ১২.৫ কিলোমিটাৰ সংযোগী পথছোৱা ৰাজেন বৰঠাকুৰৰ নামত চৰকাৰীভাৱে ডছর্গা কৰাৰ লগতে এই সম্পক্য় চৰকাৰী অধিসূচনাৰ এখন প্রতিলিপি স্মৃতিচাৰণ সভাত ডপস্থিত থকা ৰাজেন বৰঠাকুৰৰ মাতৃ মিনু বৰঠাকুৰ আৰু পত্নী মনীষা বৰঠাকুৰৰ হাতত অর্পণ কৰে৷ অমূল্য কাকতি বঁটাপ্রাপক সচ্চিদানন্দ বৰা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, অসম নাট্য সন্মিলন, শোণিতপুৰ জিলাৰ সভাপতি মৃগেন বডা, ক্রীডা সংগঠক প্রমোদ ডেকাই ৰাজেন বৰঠাকুৰৰ স্মৃতিচাৰণ কৰাৰ লগতে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়েও বক্তব্য দাঙি ধৰে৷ আজিৰ ব্যস্ততাপূর্ণ কার্যসূচীৰ মাজতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল বিয়লি এই স্মৃতিচাৰণথলীত আহি ডপস্থিত হয়৷ নিজ হলেশ্বৰ যুৱক কেন্দ্র প্রেক্ষাগৃহ চৌহদত স্থাপন কৰা ৰাজেন বৰঠাকুৰৰ পূর্ণাৱয়ৱ প্রতিমূর্তি মুখ্যমন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত ৰাজেন বৰঠাকুৰৰ পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷