নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিৰ মদনপুৰত এক ট্রাক নিচাযুক্ত দ্রব্যসহ তিনিজনক গ্রেপ্তাৰ এনচিবিৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ চাংসাৰিৰ মদনপুৰত এক ট্রাক নিচাযুক্ত সামগ্রী জব্দ কৰে নার্ক’টিক কণ্ড্র’ল ব্যুৰ’ৱে৷ চাংসাৰি থানাৰ অন্তর্গত মদনপুৰৰ টোলগেটৰ সমীপত যোৱানিশা এন চি বিয়ে গোপন সূত্রৰ ভিত্তিত জব্দ কৰে এক ট্রাক অবৈধ নিচাজাতীয় সামগ্রী৷ ইতিমধ্যে তিনি ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে পি বি–১৩ এ ডব্লিফ–৯৭৮৫ নম্বৰৰ ট্রাকখন জব্দ কৰিছে৷ লক্ষণীয় যে অন ক’ভিড ডিউটি লিখি সৰবৰাহ কৰা হৈছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্রব্যখিনি৷ নার্ক’টিক বিভাগে ৩১নং ৰাষ্ট্রীয় ঘাইপথত অভিযান চলাই জব্দ কৰা ট্রাকখনত অবৈধ ফেন্সিডাইল আছিল বুলি এক সূত্রত প্রকাশ৷ নার্ক’টিক বিভাগে সংবাদ মাধ্যমক কোনোধৰণৰ তথ্য প্রদান কৰাৰ পৰা বিৰত আছে৷

You might also like