নিয়মীয়া বাৰ্তা ২৩ জুনঃ আজীৱন অসমীয়া ভাষা–সাহিত্য–সংসৃক বিকাশ আৰু উত্তৰণৰ লগতে শৈক্ষিক উত্তৰণ আৰু বিশেষকৈ নাৰী সমাজৰ বৌদ্ধিক, মানসিক বিকাশৰ অর্থে নিৰলসভাৱে সেৱা আগবঢ়াই অহা পদ্মশ্রী ড০ শীলা বৰঠাকুৰৰ সোমবাৰে ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ বিদূষীগৰাকীৰ নশ্বৰদেহ দেওবাৰে নিশা তেজপুৰ কমাৰ চুবুৰিৰ বাসগৃহ আহি পোৱাৰ পাছত সোমবাৰে পুৱা ১০ বজাৰ পৰা শ্রদ্ধাঞ্জলি যাত্রাকালত অসংখ্য অনুষ্ঠান–ব্যক্তিয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই বিশিষ্ট মহিলাগৰাকীৰ নশ্বৰদেহ তেজপুৰ পৰোৱাৰ ৰাজহুৱা শ্মশানলৈ নিয়াৰ পাছত অসম চৰকাৰৰ নির্দেশমর্মে শোণিতপুৰ জিলা প্রশাসনে সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰে৷ প্রথমেই অসম চৰকাৰৰ হৈ পৰোৱাৰ ৰাজহুৱা শ্মশানত আৰক্ষী বাহিনীয়ে নশ্বৰদেহত জাতীয় পতাকা অর্পণ কৰি শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অসম চৰকাৰৰ এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিং, শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতা আৰু তেজপুৰ সদৰ ৰাজহ চক্র বিষয়া অন্তৰীপা দৈমাৰীয়ে ফুলৰ টোৰাৰে নশ্বৰদেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পাছতেই সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে তিনি জাঁই তোপধবনিৰে আৰক্ষীয়ে এই বিশিষ্ট মহিলাগৰাকীক সন্মান জনোৱাৰ পাছত একমাত্র পুত্র সঞ্জীৱ বৰঠাকুৰে মুখাগ্নি কৰে৷
সোমবাৰে এই শেষকৃত্য অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট ব্যক্তিৰ একাংশৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিকাংশ বিষয়ববীয়াৰ উপৰি জিলা সমিতি আৰু তেজপুৰ শাখাৰ সকলো বিষয়ববীয়া উপস্থিত থাকি সমাৰোহ সমিতিৰ মূল কাণ্ডাৰীগৰাকীক শেষ বিদায় দিয়ে৷ উল্লেখ্য যে ইয়াৰ আগেয়ে আজি বাসভৱনত বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে প্রাক্তন ছাত্র নেতা তথা পৰিয়ালৰ সদস্য জিতেন বৰঠাকুৰ, শোণিতপুৰীয়া সাহিত্য গোষ্ঠীৰ সভাপতি ডলী গোস্বামী, অসম শিশু–কিশোৰ সাহিত্য চর্চা সন্মিলনৰ প্রধান সম্পাদক মানসপ্রতিম শর্মা, প্রাক্তন ছাত্র নেতা যশস্কৰ বৰুৱা, সুৰজিত বৰা, মাজগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা বৰুৱা, সদৌ অসম প্রগতিশীল নাৰী সন্থাৰ সভানেত্রী ৰাজু বৰুৱা, শিক্ষাবিদ অচ্যুতা নন্দ দেৱগোস্বামী আদিয়ে শেষ শ্রদ্ধা জনোৱাৰ পাছত লেখিকা সমাৰোহ সমিতিৰ একাংশ বিষয়ববীয়াৰ ডপস্থিতিত পুৰোহিতৰ মাংগলিক কর্মৰে পৰিয়ালৰ লোকৰ ডপস্থিতিত শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছত এখন পুষ্পসজ্জিত বাহনত পদ্মশ্রীগৰাকীৰ নশ্বৰদেহ শ্রদ্ধাঞ্জলি যাত্রাৰে নিজে গঢ়ি থৈ যোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰৰ পদুম পুখুৰীৰ কাষত থকা কেন্দ্রীয় কার্যালয়লৈ অনা হয়৷ কার্যালয় প্রাংগণত অসম সাহিত্য সভাৰ প্রচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা কার্যসূচীত প্রথমেই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ চাৰু চহৰীয়া নাথ, প্রতিষ্ঠাপক সম্পাদিকা ড০ স্বাধীনতা মহন্ত, প্রতিষ্ঠাকালৰ অন্যতম কাণ্ডাৰী কমলা বৰুৱা, প্রধান সম্পাদিকা ড০ থুনু কলিতা, কার্যকৰী সভানেত্রী সুৱর্ণ শইকীয়া বৰদলৈ, উপ–সভানেত্রী মামণি ভূঞা হাজৰিকা, শশীপ্রভা দেৱী, ৰাণু হাজৰিকা, শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ৰুমা দেৱী, তেজপুৰ শাখাৰ সভানেত্রী কল্পনা কলিতা, সম্পাদিকা অণু দেৱী মহন্ত আদিয়ে সমিতিৰ পতাকা আৰু গামোচাৰে শেষ শ্রদ্ধা জনায়৷ ইয়াৰ পাছত এইগৰাকী বিদুষীয়ে অধ্যাপনা কৰা দৰং মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড০ জয় শংকৰ হাজৰিকা, দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্র নাথ শর্মা, জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শর্মা, তেজপুৰ আর্টিষ্ট ফ’ৰামৰ সম্পাদক জ্ঞানেন্দ্র নাথ বৰা, মহাদেৱ শর্মা শাখা সাহিত্য সভাৰ সম্পাদিকা মিনাক্ষী দেৱী, পদ্মনাথ গোহাঞি শাখা সাহিত্য সভা, শোণিতপুৰ জার্নেলিষ্ট ইডনিয়নৰ কার্যকৰী সভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে তেজপুৰ কবি সন্মিলন, লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রচাৰ সম্পাদিকা বন্দনা দত্ত হাজৰিকা, পত্রিকা সম্পাদিকা দীপান্বিতা বৰুৱা, বোকাখাত শাখাৰ সম্পাদিকা চন্দ্রপ্রভা শইকীয়া, কার্যালয় সম্পাদিকা ৰেখা বৰা, কার্যকৰী সদস্যা মিনুমা বড়ো, সম্পাদিকা মনোমতী কুম্, বোকাখাত শাখাৰ সদস্যা কুঞ্জলতা দাস, কলিয়াবৰ জিলা সমিতিৰ প্রচাৰ সম্পাদিকা ৰূপাঞ্জলী বৰদলৈ, কলিকতা শাখাৰ সম্পাদিকা শিখা ভট্টাচার্য, বৰপেটা শাখাৰ মাধন ভূঞা, তেজপুৰ শাখাৰ উপদেষ্টা আৰতী বৰা, অণু শইকীয়া, লাৱণ্য শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্রাক্তন সম্পাদক মৃদুল কুমাৰ চহৰীয়া, লেখিকা নিৰু নেওগ বৰা আদি ব্যক্তি–নুষ্ঠানে নশ্বৰদেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
উল্লেখ্য যে শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে আজি পুৱা অসম চৰকাৰৰ পৰা ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ নির্দেশ লাভ কৰাৰ পাছত এনে এগৰাকী মহিলাৰ শেষকৃত্য অনুষ্ঠান আয়োজন কৰি যথেষ্ট সুখী বুলি মন্তব্য কৰে৷ একেদৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ চাৰু চহৰীয়া নাথে সমিতিৰ প্রতিষ্ঠাৰ মূল কাণ্ডাৰীগৰাকীৰ প্রতি ৰাজ্যিক মর্যাদা প্রদান কৰাত চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷