নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্বহীন ডাইনীৰ সন্দেহত তেজপুৰত নৃশংস হত্যাকাণ্ড

🔹 তিনি কণ কণ সন্তানৰ মাতৃক জীৱন্তে জ্বলাই হত্যা অন্ধবিশ্বাসী উন্মত্তৰ

🔹 হত্যাকাণ্ডত অভিযুক্ত ৫জনক আটক

বাৰ্তা ব্যুৰ’, ২৫ ডিচেম্বৰ : শিক্ষা অনগ্ৰসৰতা, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবেই ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত হৈ অহা বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰি অহাৰ সময়তে তেজপুৰৰ সমীপৰ বৰচন ঘগৰা গাঁৱত কালি নিশা এগৰাকী মহিলাক ডাইনী সন্দেহত মাৰধৰ কৰি জীৱন্তে জ্বলাই হত্যা কৰে একাংশ অন্ধবিশ্বাসী উদণ্ড লোকে ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত বিৱৰণী অনুসৰি, তেজপুৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত চাহ জনগোষ্ঠীয় অধ্যুষিত বৰচন ঘগৰা গাঁওখনৰ অধিকাংশ লোকে ধান কটা, খেতি-বাতিৰ দৰে দিনহাজিৰা-মজুৰি কাম কৰাৰ অন্তত আনদিনাৰ দৰে কালি সন্ধিয়াও সোনকালে ভাত-পানী খাই বিছনাত পৰাত একপ্ৰকাৰে সোনকালেই শীতকালৰ নিশাৰ নীৰৱতা নামি আহিছিল ৷ সোনকালেই নিশাৰ নীৰৱতাই ছানি ধৰাৰ সময়তে কালি সন্ধিয়া ৭.৩০মান বজাত গাঁওখনৰ নিৱাসী তথা দিনহাজিৰা কৰা ৰাম কাপিৰ ঘৰত উপস্থিত হয় এটা ছয়জনীয়া দল ৷ একেটা অঞ্চলৰে নিৱাসী এই ছয়জনীয়া দলটো বাসগৃহত উপস্থিত হৈয়েই ৰাম কাপিৰ পত্নী সংগীতা কাপিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ স্বামী ৰামে বাধা প্ৰদান কৰিও ব্যৰ্থ হয় ৷ ৰামকো প্ৰহাৰ কৰাৰ পিছত ডাইনী সন্দেহত সংগীতা কাপিক এই অন্ধবিশ্বাসী উন্মত্ত দলটোৱে জেওৰা, খৰি আদিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি ক্ষান্ত নহ’ল ৷ মানৱৰূপী এই দানৱৰ দলটোৱে প্ৰহাৰ কৰি ৩৩ বছৰীয়া দুৰ্ভগীয়া মহিলাগৰাকীক আধা মৰা কৰাৰ পিছত কাপিৰ বাসগৃহৰ সন্মুখৰ চোতালতে ধানখেৰ জাপি জীৱন্তে জ্বলাই নৃশংসভাৱে হত্যা কৰে ৷ এই অমানৱীয় ঘটনাৰ বাৰ্তা লাভ কৰাৰ পিছত তেজপুৰ আৰক্ষীৰ প্ৰভাৰী বিষয়া মিন্টু বড়োৰ নেতৃত্বত বেবেজীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াসহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে প্ৰায় ৮০ শতাংশ জ্বলি যোৱা সংগীতা কাপিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এক উত্তেজনাময় পৰিস্থিতিৰ মাজতে আৰক্ষীৰ দলে মৃতদেহটো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এই নৃশংস হত্যাকাণ্ডৰ স’তে জড়িত পাষণ্ডকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ বেবেজীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানত এইপৰ্যন্ত একেটা অঞ্চলৰ নিৱাসী ৫টাকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃতকেইটা হ’ল অঞ্চলটোৰ ৰঞ্জিত চাংঘাৰৰ পুত্ৰ অজয় চাংঘাৰ (২২), প্ৰয়াত লুকাছ মালহাৰৰ পুত্ৰ পিংকু মালহাৰ (২৩), প্ৰয়াত বেজৰ বাঘোৱাৰৰ পুত্ৰ সুৰজ বাঘোৱাৰ ( ২২) আৰু ধীৰাজ বাঘোৱাৰ (১৯)ৰ লগতে প্ৰয়াত খাইৰা তাংঘাৰৰ পুত্ৰ বাইলা তাংঘাৰ ( ৪৫) ৷ হত্যাকাণ্ডটোৰ স’তে জড়িত এই পাষণ্ড ৫টাক আৰক্ষীয়ে আটক কৰি ঘটনা সম্পৰ্কত সোধা-পোছা অব্যাহত ৰখাৰ সমান্তৰালভাৱে বাবলু নাগধৰ নামৰ পলাতক অভিযুক্তৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে ৷ ইপিনে, আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত সংগীতা কাপিৰ মৃতদেহ আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোক অৰ্পণ কৰাৰ পিছত গাঁওখনৰ ৰাজহুৱা শ্মশানত স্থানীয় একাংশ লোকৰ উপস্থিতত অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে অঞ্চলটোৰ নিৱাসী একাংশ মহিলাই সাংবাদিকৰ আগত ঘটনা সন্দৰ্ভত প্ৰদান কৰা ভাষ্যত সংগীতা কাপি ডাইনী বুলি দাবী কৰা ঘটনাই বৰ্তমানেও যে আমাৰ সমাজত শিক্ষা অনগ্ৰসৰতাৰ বাবে বহু লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজত জীৱন নিৰ্বাহ কৰি আছে, তাকেই পুনৰ প্ৰতিপন্ন কৰি তুলিছে ৷

প্ৰেৰক পুলক ডেকা

You might also like