নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ তুষাৰ JCI Grand Slam সম্পূর্ণ কৰা সর্বকনিষ্ঠ ভাৰতীয়

৮০খন দেশৰ মাজতো ভাৰতৰ যুৱকণ্ঠ ৰূপে উজলিল, বিশ্বৰ যুৱ কূটনীতিৰ মানচিত্রত অসমক প্রতিষ্ঠা

তেজপুৰৰ তুষাৰ JCI Grand Slam সম্পূর্ণ কৰা সর্বকনিষ্ঠ ভাৰতীয়

বিশ্বৰ যুৱ কূটনীতিৰ মানচিত্ৰত অসমক দৃঢ় আৰু বলিষ্ঠ ভাৱে স্থান দিয়া এক ঐতিহাসিক সাফল্যত তেজপুৰৰ ২৪ বছৰীয়া তুষাৰ টায়ালে জে চি আই গ্ৰেণ্ড শ্লেম দক্ষিণৰ চাৰিওটা জুনিয়ৰ চেম্বাৰ ইন্টাৰনেশ্যনেল (জে চি আই) এৰিয়া কনফাৰেন্সত ভাৰতক প্ৰতিনিধিত্ব কৰি অৰ্জন কৰা কৃতিত্ব আন্তঃৰাষ্ট্ৰীয় মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

হণ্ডুৰাছত অনুষ্ঠিত হোৱা আমেৰিকা সম্মিলন, ডেনমার্কত অনুষ্ঠিত হোৱা এছিয়া পেচিফিক সম্মিলন, আৰু  মংগোলিয়া, তাৰ পিছতে জেচিআই বিশ্ব কংগ্রেছ।ইতিহাসত এই কঠোৰ আৰু প্ৰতিষ্ঠিত গ্ল’বেল চার্কিট সম্পূৰ্ণ কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় তুষাৰ টায়ালে আমেৰিকা আৰু আফ্রিকা দুয়োখন সম্মিলনত ভাৰতৰ মুখ্য প্রতিনিধি হিচাপেও কার্যনির্বাহ কৰিছিল।

যি স্বীকৃতি নির্বাচিত যুৱ নেতাসকলক বিশ্ব মঞ্চত জাতিটোক প্ৰতিনিধিত্ব কৰাৰ ক্ষমতাৰ বাবে প্ৰদান কৰা হয়।দুমাহ ধৰি চাৰিখন মহাদেশত বিস্তৃত তেওঁৰ যাত্ৰা কালত অৱসৰ -বিনোদন বা জিৰণিৰ কোনো কথা নাছিল, উদ্দেশ্য আছিল মাথো -শান্তি আৰু সাংস্কৃতিক কূটনীতিৰ। সম্পূৰ্ণ স্ব-পুঁজিৰে ব্যয় বহন কৰা টায়ালৰ মিছন আছিল ভাৰতীয় পৰিচয়, বিশেষকৈ অসমৰ সাৰমৰ্মক আন্তঃৰাষ্ট্ৰীয় স্থানলৈ লৈ যোৱা, য’ত নেতৃত্ব, উদ্যোগিতা, আৰু আন্তঃসংস্কৃতিক সহযোগিতা সম্পর্কে আলোচনা অব্যাহত আছিল।

গ্লেণ্ড শ্লেমৰ মাজেৰে টায়ালে কেইবাজনো সংসদৰ সদস্য, কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিকে ধৰি ৮০টাতকৈও অধিক ৰাষ্ট্ৰৰ সৈতে যোগাযোগ কৰিছিল। মংগোলিয়াত ৰাষ্ট্ৰসংঘৰ চিমুলেচনৰ সময়ত তেওঁক শ্রেষ্ঠ দেশৰ প্ৰতিনিধি বঁটা প্ৰদান কৰা হয়, যিটো তেওঁৰ কূটনৈতিক আর্টিকুলেচন, ক্ৰছ-কালচাৰেল সজাগতা আৰু আলোচনা-চালিত নেতৃত্বৰ প্ৰতি দায়বদ্ধতাৰ স্বীকৃতি।

উল্লেখ্য যে ভ্ৰমণ কৰা প্ৰতিখন দেশতে টায়ালে ভাৰত আৰু অসমৰ গৌৰৱান্বিত পুত্ৰ হিচাপে থিয় দি পৰম্পৰাগত অসমীয়া সাজ-পোছাক পৰিধান কৰি, গামোচা উপহাৰ দি, উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য, আতিথ্য, হৃদয়ৰ কাহিনী আদান প্ৰদান তথা ভাগ-বতৰা কৰিছিল। তুষাৰৰ নম্রতা আৰু স্পষ্টতাই তেওঁক বিশ্বজনীন প্রতিনিধিসকলৰ মাজত প্ৰশংসা আৰু কৌতূহলৰ সৃষ্টি কৰিছিল। টায়ালে এই সন্দৰ্ভত কয় -এয়া কেতিয়াও মোৰ বিষয় নাছিল।

ভাৰতক ইয়াৰ অতি সৎ, গ্রাউণ্ডেড ৰূপত প্রতিনিধিত্ব কৰাৰ কথা আছিল। তেজপুৰৰ এজন যুৱকে কেৱল অংশগ্ৰহণৰ বাবেই নহয় কিন্তু নেতৃত্ব দিবলৈ, সংযোগ স্থাপন কৰিবলৈ, আৰু প্ৰেৰণা দিবলৈ যে যিকোনো বিশ্বব্যাপী কক্ষত খোজ কাঢ়িব পাৰে তাক প্ৰতিপন্ন কৰাই লক্ষ্য আছিল ।”

টায়ালে ব্যক্তিগতভাবে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰি কয় -মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোৱা উৎসাহ আৰু সমৰ্থন পত্ৰই অসমৰ উদীয়মান যুৱক-যুৱতীসকলৰ এক শক্তিশালী বৈধতা হিচাপে কাম কৰিছিল। মুখ্যমন্ত্ৰীৰ পৰা আশীৰ্বাদ আৰু উৎসাহ  লাভ কৰি মই উপলব্ধি কৰিছিলোঁ যে অসমে চাই আছে আৰু মই কেৱল  ব্যক্তিগত সপোন লৈ নহয়, মোৰ জনসাধাৰণৰ আশাক মই কঢ়িয়াই লৈ ফুৰিছো।’

লগতে এই স্ব-পুঁজিৰে যাত্ৰাৰ প্ৰতিটো অনিশ্চিত পদক্ষেপৰ মাজেৰে তেওঁৰ কাষত থিয় দিয়া পিতৃ -মাতৃৰ প্রতি আৰু জে চি আই ইণ্ডিয়াৰ নেতৃত্ব, বিশেষকৈ ৰাষ্ট্ৰীয় সভাপতি আৰু খণ্ড সভাপতিক মুখ্য প্ৰতিনিধিৰ সম্মান অর্পণ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্রকাশ কৰে।উল্লেখ্য যে তেজপুৰ পল’ফিল্ড নিবাসী ৰবী টায়াল আৰু সংগীত টায়ালৰ পুত্ৰ তুষাৰে ১৭ বছৰ বয়সৰ পৰাই উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰি “এক্সপিৰিয়েন্স ট্রেভেলইডিয়া প্রাইভেট লিমিটেডৰ (Experience Travelidea Private Limited) প্রতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আত্মপ্ৰকাশ কৰিছে , যি এতিয়া বিশ্বজুৰি চলি থকা অন্যতম ট্রেভেল আৰু ভিচা কনচালটেন্সী।

অৱশ্যে তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কেতিয়াও তেওঁৰ একমাত্ৰ জীৱনৰ লক্ষ্য নহয় । “মোৰ প্ৰকৃত মিছন হৈছে মানুহৰ জৰিয়তে শান্তি গঢ়ি তোলা, সাংস্কৃতিক বুজাবুজি বিয়পোৱা, আৰু ভাৰতীয় যুৱক-যুৱতীসকলক বিশেষকৈ সৰু চহৰৰ পৰা অহাসকলক বিশ্বাসভাজন কৰি গঢ় দিয়া যে তেওঁলোকেও বিদেশলৈ নিজৰ দেশৰ পতাকাখন কঢ়িয়াই নিব পাৰে।উল্লেখ্য যে তুষাৰে হণ্ডুৰাছত  স্থানীয় নেতাসকলৰ সৈতে ভাৰত-লেটিন সম্পৰ্কৰ বিষয়ে আলোচনা কৰে।

দক্ষিণ আফ্রিকাত তেওঁ গল্প কোৱাৰ জৰিয়তে পৰম্পৰাৰ আদান-প্রদান কৰিছিল। ডেনমার্কত তেওঁ ইউৰোপীয় প্রতিনিধিসকলৰ সৈতে বহি জলবায়ুৰ প্ৰভাৱ আৰু যুৱক-যুৱতীসকলৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। মংগোলিয়াত তেওঁ মধ্য এছিয়াৰ প্ৰতিনিধিৰ সৈতে শান্তি পেনেলত ঐক্য আৰু ধৰ্মৰ মূল্যবোধৰ বিষয়ে চিন্তা আৰু মনৰ আদান প্ৰদান কৰে।ইতিমধ্যে জেচিআইৰ চক্ৰৰ বাহিৰতো টায়ালৰ কূটনৈতিক পদাংক অনুভৱ কৰা হৈছে। সমগ্ৰ বিশ্বৰ কেইবাজনো প্রতিনিধিয়ে অসম ভ্ৰমণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

সংস্কৃতিৰ সৈতে আত্মবিশ্বাস, আৰু উদ্দেশ্যৰ সৈতে একাত্মতা সৃষ্টি কৰা নেতাক গঢ় দিয়া ভূমিৰ বিষয়ে কৌতূহলী হৈ পৰিছে সেই সকল।উল্লেখ্য যে ,ভাৰতৰ আটাইতকৈ কম বয়সীয়া জেচিআই চিনেটৰ হিচাপে টায়ালে এতিয়া ভাৰতীয় উচ্চাকাংক্ষী যুৱক-যুৱতীসকলক মেণ্টৰ কৰাৰ পৰিকল্পনা কৰিছে, শান্তি কূটনীতিৰ পদক্ষেপক প্ৰসাৰিত কৰা  আৰু আগন্তুক আন্তঃৰাষ্ট্ৰীয় যুৱ মঞ্চৰ জৰিয়তে সাংস্কৃতিক সেতু হিচাপে কাম কৰাৰ লক্ষ্য স্থিৰ কৰিছে ।টায়ালে দৃঢ়তাৰে আৰু কয় যে এই গ্ৰেণ্ড শ্লেমটো এটা অধ্যায়ৰ অন্ত নাছিল। এয়া এক বিশ্বব্যাপী ভাৰতীয় আন্দোলনৰ আৰম্ভণিহে । ই এনেকুৱা এটা আন্দোলন য’ত আমি অনুমতিৰ বাবে অপেক্ষা কৰাটো বন্ধ কৰি দিওঁ, আৰু উপস্থিতি গঢ়ি তুলিবলৈ আৰম্ভ কৰোঁ আমি কোন সেইটোক শিকাই ,

 আৰু আমি ভালদৰে বুজিব পৰা এখন পৃথিৱীৰ প্ৰতি দায়বদ্ধ।হাতত ভাৰতীয় ত্ৰিৰংগ আৰু অন্তৰত অসমৰ প্ৰতিচ্ছবি লৈ তুষাৰ টায়ালে কেৱল এটা গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰি ভাৰতৰ বাবে এক গৌৰৱৰ ক্ষণ সৃষ্টি কৰাত স্বাভাৱিকতে তেজপুৰ বাসী আহ্লাদিত হৈ পৰিছে ।

বাৰ্তা ব্যুৰো, ২৫ জুন।  Date of Published – 25-06-2025

You might also like