নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামোলৰ বাকলিৰে ১০ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণেৰে চমক বিজনীৰ যুৱকৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : চিৰাং জিলাৰ বিজনীৰ ৩নং ৱাৰ্ডৰ বিপ্লৱ বণিক্য নামৰ এজন যুৱকে নিজা প্ৰচেষ্টাৰে তামোলৰ বাকলিৰে ১০ ফুট  উচ্চতাৰ দুৰ্গা প্ৰতিমা সাজি উলিয়ায় । বিজনীৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা নিজৰ মনত পুহি ৰখা কিবা এটা কৰাৰ সপোনক বাস্তৱ ৰূপ দিলে । তামোলৰ বাকলিৰে নিৰ্মাণ কৰিলে দুৰ্গা প্ৰতিমা । যুৱকজনে নিজ ঘৰতেই আজৰি সময়ত কেৱল তামোলৰ বাকলিৰে নিৰ্মাণ কৰি উলিয়ায় ১০ ফুট উচ্চতাৰ ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা। বিজনীৰ ৩ নং ৱাৰ্ডৰ বিপ্লৱ বণিক্য নামৰ যুৱকজনে নিজ প্ৰচেষ্টাৰে  নিৰ্মাণ কৰি উলিয়ায় এই বিশেষ দুৰ্গা প্ৰতিমা। কাৰো পৰা প্ৰশিক্ষণ অবিহনে নিজৰ ধ্যান-ধাৰণাৰে কেৱল তামোলৰ বাকলি, আঠা, কাঠৰ গুৰি, ভিন্ন ৰং ব্যৱহাৰ কৰিয়েই প্ৰায় ১৮ দিনত সম্পূৰ্ণ কৰি উলিয়াইছে প্ৰতিমা। যুৱকজনে সাজি উলিওৱা সেই বিশেষ প্ৰতিমা কোনো মাননি অবিহনে বিজনী বড় কালীবাৰীস্থিত দুৰ্গাপূজা কমিটীক প্ৰদান কৰা বুলি জানিব পৰা গৈছে। যোৱা বছৰ ডাইনোছৰ সাজি বিজনীত এক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল যদিও ২০২১ চনত কাগজেৰে দুৰ্গা প্ৰতিমা সাজি বিজনীত এক চমক সৃষ্টি কৰিছিলে । এইবেলিও তামোলৰ বাকলিৰে ১০ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিজনীত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিজনীৰ যুৱক বিপ্লৱ বণিক্যই।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like