আৰক্ষীৰ জালত ১০০ কোটিৰ ট্ৰেডিং কেলেংকাৰিৰ প্ৰৱঞ্চক মাইনাও ব্ৰহ্ম
আজিও শুংসূত্ৰ নাই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টৰ
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্ম অৱশেষত আৰক্ষীৰ জালত পৰিল৷ বাক্সা আৰক্ষীয়ে মহানগৰীৰ বৰঝাৰ আৰক্ষীৰ সহযোগত বৰঝাৰ বিমানবন্দৰৰ পৰা যোৱানিশা আটক কৰে প্ৰৱঞ্চক মাইনাও ব্ৰহ্মক৷ দীৰ্ঘদিন ধৰি নতুন দিল্লীৰ এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা প্ৰৱঞ্চকগৰাকীয়ে কালি নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানযোগে গুৱাহাটীৰ দিশে ৰাওনা হোৱা বুলি পোৱা এক গোপন সূূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে বিমানবন্দৰৰ লাউঞ্জৰ পৰাই আটক কৰে মাইনাও ব্ৰহ্মক৷ তাৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ পৰা মুছলপুৰলৈ আনি জেৰা চলায়৷ জেৰাকালত প্ৰৱঞ্চক মাইনাওৱে বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সাংবাদিকক কোৱাৰ পৰা বিৰত থাকে৷ আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱাৰ পিচত ছয় দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে মাইনাও ব্ৰহ্মক৷ ইতিমধ্যে প্ৰশাসনে মাইনাও ব্ৰহ্মৰ বাসগৃহ ছীল কৰাৰ লগতে বিলাসী বাহনো জব্দ কৰিছে আৰক্ষীয়ে৷ উল্লেখযোগ্য যে প্ৰৱঞ্চক মাইনাও ব্ৰহ্মই প্ৰথমে মুছলপুৰত এখন পাণ-তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল। পাণ-তামোলৰ উপৰি মহিলাগৰাকীয়ে পেট্ৰল, ডিজেল আদিও বিক্ৰী কৰিছিল লগতে তীৰ খেলৰ এজেন্ট হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে আৰু চলাহী কথাৰে কম সময়ৰ ভিতৰতে অধিক লাভাংশ দিয়াৰ চলেৰে ধন সংগ্ৰহ অভিযান চলায়। ইতিমধ্যে কোটি কোটি টকা ধন আত্মসাৎ কৰা মাইনাও ব্ৰহ্মই অতি কম দিনৰ ভিতৰতে কেবাঠাইতো ঘৰ-মাটি কৰাৰ উপৰিও কেবাখনো বিলাসী বাহনৰ গৰাকী হৈ উঠিছিল৷ ইপিনে প্ৰৱঞ্চক মাইনাও ব্ৰহ্মৰ অবৈধ ট্ৰেডিং কেলেংকাৰীৰ ব্যৱসায়িক সহযোগী তথা মাষ্টাৰমাইণ্ড বেংক কৰ্মচাৰী দীপাংকৰ ভট্টক বিচাৰি আজিও কেবাঠাইত অভিযান চলায় আৰক্ষীয়ে৷ উল্লেখ্য যে ট্রেডিং কেলেংকাৰিত অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ স’তে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আই চি আই চি আই বেংকৰ কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত কালি আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক’লা বৰণৰ ‘ফৰ্চুনাৰ’ বাহনখনৰ লগতে তিনিখন মটৰ চাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউন্ট আৰু এটিএম কার্ড জব্দ কৰা বুলি জানিব পৰা গৈছে। আনহাতে পলাতক দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্রেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেবা ঠাইতো নামে-বেনামে মাটি ক্রয় কৰাৰ উপৰি কেইবাখনো ব্যৱসায় প্রতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
প্ৰেৰক নিৰেণ কুমাৰ শৰ্ম্মা