নিয়মীয়া বাৰ্তা, ১৬ মে’ : আজি ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত গা ধুবলৈ গৈ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হোৱাৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, ধুবুৰী চহৰৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অৰিন্দম সাহাই আজি বিদ্যালয় ছুটী হোৱাৰ পিছত চহৰখনৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত চাৰি বন্ধুৰে ফুটবল খেলিছিল। খেলৰ অন্তত চাৰিও ধুবুৰীৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত গা ধুবলৈ যায় আৰু তেতিয়াই সংঘটিত হয় অঘটনটো। ইপিনে অকষ্মাতে নৈখনৰ বুকুত ছাত্ৰগৰাকী নোহোৱা হৈ পৰাৰ ঘটনাক লৈ পাৰঘাটটোত হুৱাদুৱা লাগে। ইপিনে ঘটনা সন্দৰ্ভে অৱগত হৈ বিএছএফ আৰু এচডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। এই বাতৰি পঠিওৱালৈকে ছাত্ৰগৰাকীৰ সন্ধান ওলোৱা নাই। দূৰ্ভগীয়া অৰিন্দম সাহা ওৰফে দ্বীপ নামৰ সেই ছাত্ৰগৰাকীৰ ঘৰ ধুবুৰীৰ শান্তিনগৰ অঞ্চলত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী