📌 এখন ৰাজ্যৰ উন্নতি বা বিকাশ হয়, যেতিয়া ৰাজ্যৰ নৱ প্রজন্মই নিজৰ দায়ৱদ্ধতা, দেশপ্রেমেৰে উদ্বুদ্ধ হৈ শিক্ষা গ্রহণ কৰেঃ মুখ্যমন্ত্রী
📌স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ নির্মাণ কৰা হৈছেঃ মুখ্যমন্ত্রী
📌 অসমীয়া যুৱক–যুৱতীয়ে বর্তমান কর্ম সংস্কৃতি, শিক্ষা, ক্রীড়া, সাংস্কৃতিক আন্দোলন কৰিব বিচাৰেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ বিকাশৰ ১২ দিন শীর্ষক কার্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সৰুসজাই ক্রীড়া প্রকল্পত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবে প্রজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্রেণীত অধ্যয়নৰত ছাত্র–ছাত্রীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র–ছাত্রীলৈ ডি বি টি যোগে নগদ পুৰস্কাৰ প্রদান কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা বিকাশৰ ১২ দিন কার্যসূচী আৰম্ভ কৰা হৈছে৷ এই সময়ছোৱাত কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবেোৱা হব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে লাখ লাখ ছাত্র–ছাত্রী আৰু দৰিদ্র পৰিয়াল লাভান্বিত হব৷ তেওঁ লগতে কয় যে শিক্ষা বিভাগৰ তিনিটা গুৰুত্বপূর্ণ আঁচনি এই সময়ছোৱাত ৰাইজৰ মাজলৈ লৈ যোৱা হব৷ প্রতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উর্ত্তীণ হোৱা ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র–ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা প্রদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এইবছৰ ৰাজ্যৰ ২৬৯৬৯গৰাকী ছাত্র–ছাত্রীক অহা ১২ দিনত আনন্দৰাম বৰুৱা বঁটা হিচাপে বিদ্যার্থী সমাজৰ শিক্ষাগ্রহণৰ সুবিধার্থে ১২৫০০ টকা নিজৰ বেংক একাউণ্ঢত যোগে লাভ কৰিব বুলি তেওঁ কয়৷ এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা ৰাজ্যৰ ৪৪০৫৮৩গৰাকী ছাত্র–ছাত্রীক এই আঁচনিখনৰ জৰিয়তে উপকৃত হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূর্ণ আঁাঁচনি হৈছে বাণীকান্ত কাকতি বঁটা৷ এই বঁটাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্রীয়ে প্রথম বিভাগত উর্ত্তীণ হয় তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে আগবঢ়ায় আৰু যিসকল ছাত্রই ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোকৰ বাবেও একোখনকৈ স্কুটাৰ আগবেোৱা হয় বুলিও তেওঁ কয়৷ পূর্বৰ সকলো অভিলেষ ভংগ কৰি এইবাৰ ৰাজ্যৰ ৪৮৬৭৩ গৰাকী ছাত্র–ছাত্রীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্রহণক সহজলভ্য কৰি তোলাৰ বাবে নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছিল৷ এই বছৰ অহা ১২টা দিনৰ ভিতৰত ৰাজ্যৰ ৩২৩৬৪০গৰাকী ছাত্র–ছাত্রীয়ে ৰাজ্য চৰকাৰৰ পৰা চাইকেল লাভ কৰিব৷ বিকাশৰ দিনৰ সময়ছোৱাত বিধবংসী বানে ক্ষতিগ্রস্ত কৰা ৬৮৬৪৮৭ পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে ডি বি টি যোগে আগবেোৱা হব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে মাইক্রফাইনেন্সৰ পৰা ৫০ হাজাৰ টকা পর্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণ মুক্ত প্রমাণপত্র বিতৰণ কৰিব৷ এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন আঁচনিৰ জৰিয়তে ৬৪৯০গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১ কোটি টকা প্রাৰম্ভিক মূলধন হিচাপে আগবঢ়াব বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে অহা ১২ দিনত ৰাজ্যৰ প্রায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হব৷ তেওঁ কয় যে ছাত্র–ছাত্রীৰ বাবে আগবেোৱা বঁটা দুগৰাকী মহান মনীষীৰ নামত উৎসর্গিত কৰা হৈছে৷ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্রখনৰ পুৰোধা ব্যক্তি আছিল৷ ভাষাতত্ত্ববিদ ড০ বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যক্ষৰ দায়িত্বভাৰ গ্রহণ কৰিছিল৷ গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বীৰ দায়িত্বও পালন কৰিছিল বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ তত্ত্বগধুৰ গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতখনক সমৃদ্ধ কৰি থৈ গৈছে৷ এই বছৰটো অসমবাসীৰ বাবে গৌৰৱৰ বছৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ড০ বাণীকান্ত কাকতিৰ দৰে যিসকল সাহিত্যিকে অসমীয়া ভাষাটো জগতসভালৈ লৈ গৈছিল আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে অকৃত্রিম সেৱা আগবঢ়াইছিল, পাণ্ডিত্যৰে অসমীয়া ভাষা–সাহিত্যক জিলিকাই তুলিছিল তেওঁলোকৰ বাবে এক শ্রদ্ধাঞ্জলি হিচাপে এই বছৰটোতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যদা প্রদান কৰিছে৷ প্রধানমন্ত্রীয়ে অসমীয়া আৰু বঙালী ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰি দুয়োটা ভাষাকে পৃথকভাৱে স্বীকৃতি দি অসমীয়া ভাষাক জগতসভালৈ লৈ যোৱাৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছিল বুলিও তেওঁ কয়৷ চতুর্থ শতিকাতে অসমীয়া ভাষাই শিলালিপিৰ জৰিয়তে আত্মপ্রকাশ কৰিছিল বুলি দোহাৰি তেওঁ কয় যে অসমীয়া ভাষাৰ ইতিবৃত্ত, চতুর্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ বিকাশ, বিৱর্তনৰ মাজেৰে আহি অসমীয়া ভাষাই আধুনিক ভাষালৈ ৰূপান্তৰিত হৈছে, সেই বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷ তেওঁ কয় যে প্রকাশন পৰিষদৰ ৱেবচাইটত অসমীয়া ভাষাৰ সৃষ্টি আৰু ইয়াৰ বিৱর্তন, এই সমগ্র বিষয় অসমীয়া ভাষাতে লিপিবদ্ধ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে আনন্দৰাম বৰুৱা অসমৰ সমাজ জীৱন তথা আধুনিক জীৱনৰ বাবে এক আদর্শ৷ ভাৰতবর্ষৰ পঞ্চমজন আইএএছ বিষয়া আৰু অসমৰ প্রথমগৰাকী অসমীয়া আইএএছ বিষয়া আছিল আনন্দৰাম বৰুৱা৷ তেওঁ লগতে কয় যে দেশৰ প্রথমগৰাকী ভাৰতীয় জিলা আয়ুক্ত আছিল আনন্দৰাম বৰুৱা৷ মুখ্যমন্ত্রীয়ে কয় যে আনন্দৰাম বৰুৱা সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল আৰু মেক্সমুলাৰৰ দৰে পণ্ডিতে আনন্দৰাম বৰুৱাক প্রশংসাৰে উপচাই দিছিল৷ সংসৃক্তত আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যই সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছিল৷ এই দুইগৰাকী মহান পূজাৰীয়ে অসমীয়া জাতিক চিৰকাললৈ গর্বিত কৰিলে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে দৰিদ্রতাৰ বাধা নেওচি শিক্ষা সকলোৰে হওক আৰু শিক্ষাই প্রতিগৰাকী ছাত্র–ছাত্রীৰ জীৱন স্পর্শ কৰক, সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে ছাত্র–ছাত্রীসকলৰ কল্যাণৰ বাবে নিৰন্তৰভাৱে আঁচনি গ্রহণ কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে কয় যে দেশৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই বিদ্যার্থীক কলেজত পপাৰ বাবে বিনামূলীয়াকৈ নামভর্ত্তিৰ ব্যৱস্থা কৰি দিয়ে৷ তেওঁ কয় যে এইবছৰ ৰাজ্যখনত ৯৪৮৩৮ গৰাকী ছাত্র–ছাত্রীয়ে বিনামূলীয়াকৈ নামভর্ত্তিৰ সুযোগ লাভ কৰিছে৷ তেওঁ লগতে কয় যে অসম এনে এখন ৰাজ্য যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিবৰ বাবে পৰীক্ষাৰ মাচুলো ৰাজ্য চৰকাৰে বহন কৰে৷ ৰাজ্য চৰকাৰে ছাত্রীসকলক আগুৱাই নিয়াৰ বাবে নিয়ুত মইনা আঁচনি ৰূপায়ন কৰিছে৷ ইয়াৰ জৰিয়তে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকত পঢ়িলে প্রতি মাহত চৰকাৰৰ পৰা ১ হাজাৰ টকাকৈ বৃত্তি লাভ কৰে৷ আনহাতে ডিগ্রী পঢ়িলে ১২৫০ হাজাৰ টকাকৈ লাভ কৰাৰ উপৰি স্নাতকোত্তৰ পঢ়িলে ২৫০০ টকাকৈ লাভ কৰে বুলিও তেওঁ কয়৷ শিক্ষাৰ প্রসাৰৰ বাবে সুদূৰপ্রসাৰী পদক্ষেপ ৰাজ্য চৰকাৰে হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনতে চাহ বাগিছাত ২২৪ খন হাইসুক্ল স্থাপন কৰাৰ বাবে সুদূৰপ্রসাৰী সিদ্ধান্ত লৈ ইয়াক কার্যকৰী কৰে৷ সর্বাংগ সুন্দৰ অসম গগাৰ যাত্রাত বর্তমানৰ ৰাজ্য চৰকাৰে আগবাঢ়িছে বুলিও তেওঁ কয়৷ ৰাজ্যখনত ২৩খন মেডিকেল কলেজৰ নির্মাণৰ কাম চলি আছে৷ দৰং, হাইলাকান্দি আৰু হোজাইত আৰু তিনিখন নতুন মেডিকেল কলেজৰ কাম হাতত লোৱা হব বুলিও তেওঁ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ প্রতিখন জিলাতে বিশ্ববিদ্যালয়ৰ কাম হয় আৰম্ভ নাইবা সমাপ্ত হৈছে৷ ৰাজ্যখনৰ প্রতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণৰ দৰে বিশাল কর্মযজ্ঞ বর্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে৷ স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ নির্মাণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে এখন ৰাজ্যৰ উন্নতি বা বিকাশ হয়, যেতিয়া ৰাজ্যৰ নৱ প্রজন্মই নিজৰ দায়ৱদ্ধতা, দেশপ্রেমৰ দ্বাৰা উদ্বুদ্ধ হৈ শিক্ষা গ্রহণ কৰে আৰু শিক্ষাৰ সামৰণিত একো একোজন উপযুক্ত নাগৰিক হোৱাৰ সপোন দেখে৷ চৰকাৰে সুবিধা, সহযোগিতা আগবঢ়াব পাৰে কিন্তু ছাত্র–ছাত্রীসকলৰ ব্যক্তিগত প্রচেষ্টা আৰু অধ্যৱসায়ক চৰকাৰে নির্মাণ কৰিব নোৱাৰে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে প্রেৰণা দিব পাৰে কিন্তু প্রত্যেকজন ছাত্র–ছাত্রীয়ে সপোন দেখাৰ সাহস গোটাব লাগিব৷ মেধাৱী ছাত্র–ছাত্রীসকলে নিজৰ জীৱনক পূর্ণতা দিবলৈ একো একোজন উপযুক্ত নাগৰিক হিচাপে নিজক নির্মাণ কৰিবলৈ যত্ন কৰিব লাগিব বুলিও তেওঁ কয়৷ বর্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি লাভৰ বাবে পূর্বে চলি থকা দুর্নীতিৰ সমস্ত ব্যৱস্থাটোক মষিমুৰ কৰি পেলাইছে৷ যোৱা পাঁচ বছৰত মানসিকতাৰ পৰিৱর্তন সাধন হৈছে বুলিও তেওঁ কয়৷ অকল অসম চৰকাৰৰ চাকৰিয়ে নহয় ভাৰতচৰকাৰৰ চাকৰি, ষ্টার্টআপ, উদ্যমিতা, দক্ষতা সকলো ক্ষেত্রতে আগুৱাই যোৱাৰ বাবে এক মানসিক শক্তি আহৰণ কৰিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে আজি ৰাজ্যখনৰ উন্নতিৰ মূল কাৰণ হৈছে আন্দোলন বিৱর্জিত পৰিৱেশ৷ অর্থনৈতিক ক্ষেত্রত অসম আগুৱাই গৈছে৷ দৰিদ্রতাৰ পৰা ৮০ লাখ লোক মুক্ত হৈছে আৰু চাৰিওফালে বিকাশৰ এক নতুন কর্মযজ্ঞ আহিবলৈ আৰম্ভ কৰিলে৷ অসমীয়া যুৱক–যুৱতীয়ে বর্তমান কর্ম সংস্কৃতি, শিক্ষা, ক্রীড়া, সাংস্ককৃতিক আন্দোলন কৰিব খোজে বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, অতুল বৰা, চন্দ্রমোহন পটোৱাৰী, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, সুমন হৰিপ্রিয়া, দিগন্ত কলিতা, হেমাঙ্গ ঠাকুৰীয়াৰ লগতে উচ্চপদস্থ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷