নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু-মুছলমানে একেলগে মিলি চলাইছে ১২ দিনীয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি

🔹 ওদালগুৰিৰ গৰুৱাঝাৰৰ ৰাস মহোৎসৱত সম্প্ৰীতিৰ অনন্য নিদৰ্শন 

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ গৰুৱাঝাৰতো ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে শ্রীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । ভাৰত-ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশত অৱস্থিত গৰুৱাঝাৰত এইবাৰ ১২ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে প্ৰস্তুতি চলাইছে ৰাস মহোৎসৱৰ। গৰুৱাঝাৰ ৰাস মহোৎসৱৰ সম্পাদক আলতাব হুছেইনে জানিবলৈ দিয়া মতে, ওদালগুৰিৰ ভিতৰত বৃহত্তৰ অঞ্চলজুৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহে বসবাস কৰা অঞ্চল গৰুৱাঝাৰত হিন্দু-মুছলমান একেলগ হৈ ৰাম-ৰহিমৰ সমন্বয়ৰ মিলনভূমিত পৰিণত কৰিবলৈ প্ৰতি বছৰে আয়োজন কৰে ৰাস মহোৎসৱ ।‌ৰাজ্যৰ বিভিন্ন প্রান্তত কেৱল ধর্মক লৈ বিতর্ক চলি থকাৰ সময়তে কিন্তু গৰুৱাঝাৰত শংকৰ-আজানে গঢ় দিয়াৰ দৰে হিন্দু-মুছলমানৰ একতাৰ এনাজৰীডাল মজবুত কৰিবলৈ সম্প্ৰীতিৰ মিলনভূমিত পৰিণত কৰিবলৈ এক নিদৰ্শন দাঙি ধৰি প্ৰতি বছৰে এনেদৰে হিন্দু-মুছলমান, খ্রীষ্টান সকলো ধর্মাৱলম্বী লোকে একগোট হৈ ৰাস মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। গৰুৱাঝাৰৰ ৰাস মহোৎসৱত নাগাৰা নাম প্ৰদৰ্শন , বিভিন্ন জাতি-জনগোষ্ঠীৰ নাম-কীৰ্তন, ধৰ্মীয় অনুষ্ঠানৰ উপৰি মনোৰঞ্জনৰ বাবে আনন্দ মেলাৰো আয়োজন কৰিছে। সেয়েহে প্ৰতি বছৰে বিভিন্ন জাতি-ধর্ম, ভাষা নির্বিশেষে হিন্দু, মুছলমান, খ্রীষ্টান সকলো জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা অঞ্চলৰ হাজাৰ হাজাৰ দর্শনার্থীয়ে ভিৰ কৰেহি। প্রতিদিনৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক পিংকু কলিতা

You might also like