নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ত্ৰয়োদশ সদৌ অসম শিশুনাট সমাৰোহ

🔹 প্ৰথম দিনা মঞ্চস্থ বিশখন নাটক

নিয়মীয়া বাৰ্তা,  ২৮ জুলাই : শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আজিৰে শিৱসাগৰ যুৱদলত আৰম্ভ হৈছে ত্ৰয়োদশ সদৌ অসম শিশুনাট সমাৰোহ। আজি পুৱা বিশিষ্ট সাংবাদিক এনামউদ্দিন আহমেদে ফিতা কাটি মুখ্য তোৰণ মুকলি কৰাৰ পাছতে শিৱসাগৰ নাট্য বিদ্যালয়ৰ সভাপতি ডাঃ গোবিন সন্দিকৈ, ৰাতুল ভৰালী আৰু দিলীপ শইকীয়াই স্মৃতি তৰ্পণ আৰু উদযাপন সমিতিৰ সভাপতি দিলীপ চাংমায়ে পতাকা উত্তোলন কৰে। আনহাতে, জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা (ৰমু ) সোঁৱৰণী নাট্যমঞ্চ মুকলি কৰে অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দে’ই। ইফালে, প্ৰশান্ত বৰগোহাঁই সম্পাদিত “অংকুৰণ” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ উপ-সভাপতি তথা নিবন্ধকাৰ মনোজ কুমাৰ বৰঠাকুৰে। আকাশ দুৱৰী আৰু ঋতুপৰ্ণ বৰগোহাঁয়ে আঁত ধৰা আৰু শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মাই শুভ উদ্বোধন কৰা অনুষ্ঠানত ৰাকা চলিহা, জিতুজ্যোতি গায়ন, মুখ্য সম্পাদক পাৰ্থপ্ৰতিম বৰা, ভৱানন্দ বৰা উপস্থিত থাকে। শিৱসাগৰ কলা সংস্থাপনৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশনৰ পৰৱৰ্তী সময়ত শিৱসাগৰ নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শনীমূলকভাৱে পৰিণীতা শৰ্মা বেজবৰুৱাৰ ৰচিত, ৰূপম বেজবৰুৱা-অভিলাশা ভৰদ্বাজ পৰিচালিত নাট “বান্দৰে নাৰিকলৰ মূল কি জানে’, লাকুৱাৰ উজ্জীৱন মইনা পাৰিজাত, শিৱসাগৰৰ ৰামধেনু নাট্যদল, মৰাণৰ কলামন্দিৰ নাট্যদল, ডিমৌৰ নৃত্যালয়, শিৱসাগৰৰ ৰামধেনু নাট্যগোষ্ঠী, অসম নাট্য সন্মিলনৰ গৌৰীসাগৰ শাখা, শিৱসাগৰৰ সন্ধিয়াৰ সুৰ মইনা পাৰিজাত, ডিব্ৰুগড়ৰ লুইতপৰীয়া নাট্যদল, চৰাইদেউৰ কাঞ্চনজ্যোতি মইনা পাৰিজাত, শুকানপুখুৰীৰ প্ৰতিভা বিকাশ কেন্দ্ৰ, শলগুৰিৰ জয়মতী মইনা পাৰিজাত, টীয়কৰ মণিকূট নাট্যগোষ্ঠী, হাঁহচৰাৰ নৱ বিকাশ নাট্য বিদ্যালয়, মেটেকাৰ জেউতি মইনা পাৰিজাত, বোকাখাতৰ অভিলাষ প্ৰকাশন, যোৰহাটৰ গাইডলাইন, ডিব্ৰুগড়ৰ বাণীপুৰ মইনা পাৰিজাত, মৰাণৰ পাৰিজাত শিশু নাট্যদলে নাট পৰিৱেশন কৰে। আনহাতে, নাট্যানুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক কৰ্মী তীব্ৰজ্যোতি বৈৰাগী, মন ৰাজগুৰু, পাল্কী গগৈ, মনোজ দত্ত, যুগল গগৈ, কৌশিক ফুকনক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like