৫ এপ্ৰিলৰ পৰা ধুবুৰীত ১৫ দিনীয়া অশোকাষ্টমী মেলা, তুংগত প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ অহা ৫ এপ্ৰিলৰ পৰা ধুবুৰীত আৰম্ভ হ’ব অশোকাষ্টমী মেলা। অশোকাষ্টমী স্নানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা মেলাখন আৰম্ভ হোৱাৰ প্ৰাক্-মূহুৰ্তত এতিয়া তুংগত প্ৰস্তুতি। উল্লেখ্য যে, প্ৰতিবাৰৰ দৰেই এইবেলিও ষষ্ঠী অৰ্থাৎ ৪ এপ্ৰিলৰ দিনা চাৰি দিনীয়া বাসন্তি পূজাকে মেলাখনৰ আনুষ্ঠানিক উদ্বোধন ঘটিব। অৱশ্যে, পিছদিনা অৰ্থাৎ ৫ এপ্ৰিলৰ পৰা মেলাখন আৰম্ভ হ’ব। ইপিনে মেলাখনত বিভিন্ন দোকান-পোহাৰ দিবলৈ; কেৱল অসম অথবা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰাই নহয়, চুবুৰীয়া পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যেই ধুবুৰীলৈ আগমন ঘটিছে ব্যৱসায়ীৰ। কেৱল খাদ্যৰ বিপণী অথবা বিভিন্ন বয়বস্তুৰ দোকানেই নহয় প্ৰতিবাৰৰ দৰে এইবেলিও মেলাখনলৈ অহা নাগৰদোলাকে ধৰি বিভিন্ন ধৰণৰ চকৰী আদি স্থাপন কৰাৰ পূৰ্ণদ্যোমে চলিছে কাম চলিছে মেলাথলীত। উল্লেখ্য যে, বিগত দুটা বছৰ অনুমতি নিদিলেও ৰাইজৰ মাজত ব্যাপক জনপ্রিয় হোৱা “মত কা কুৱা” শীৰ্ষক বাইক ষ্টান্টৰ খেলবিধ পতাৰ বাবে এইবাৰ আৰক্ষীয়ে অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। তদুপৰি, মেলাখনত যাদুখেল, চাৰ্কাছ আদিকে ধৰি অইন বহু ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা থাকিব বুলিও সদৰি কৰিছে অশোকাষ্টমী মেলা কমিটিয়ে। ইপিনে, মেলাখনক লৈ আৰম্ভ হৈছে প্ৰশাসনিক তৎপৰতাও। ইতিমধ্যে বিগত ২৮ মাৰ্চৰ দিনা ধুবুৰীস্থ জিলা আয়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত অশোকাষ্টমী মেলা উপলক্ষ্যে মেলাখনৰ নিৰাপত্তাজনিত দিশকে ধৰি অন্যান্য আনুসংগিক বিষয়বোৰ লৈ এক গুৰুত্ব বৈঠকো অনুষ্ঠিত হৈ গৈছে। বৈঠকখনত ধুবুৰী জিলা আয়ুক্ত দিবাগত নাথ, আৰক্ষী অধীক্ষক নবীন সিং, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্যাল, জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ আমেলা বিষয়াকে ধৰি ধুবুৰী অশোকাষ্টমী মেলা সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত আছিল। উল্লেখ্য যে, এইবেলি ৫৭ বছৰত ভৰি দিবলগীয়া ধুবুৰীৰ এই অশোকাষ্টমী মেলাখনৰ আছে এক দীঘলীয়া, সমৃদ্ধিশালী ইতিহাস। দৰাচলতে, ধুবুৰী পৌৰসভাৰ তদানীন্তন অধ্যক্ষ তথা প্ৰখ্যাত অধিৱক্তা প্ৰয়াত কমল দে বক্সীৰ উদ্যোগত ১৯৬১ চনত পোন প্ৰথমবাৰৰ বাবে পৰিকল্পিত ৰূপত এই অশোকাষ্টমী মেলাখনৰ আৰম্ভ ঘটিছিল৷ ধুবুৰী মেলা কমিটিৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতি বছৰে অনুষ্ঠিত হোৱা ১৫ দিনীয়া এই মেলাখনত কেৱল ধুবুৰী জিলাৰেই নহয়, নামনি অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সমাগম ঘটে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী