নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ডিমাকুছিত ১৫ দিনীয়া ৰাস মহোৎসৱ

🔹 সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ’ব ৰাসস্থলী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : শ্ৰীকৃষ্ণ ৰাস মহোৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক উছাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ডিমাকুছিতো অনুষ্ঠিত হ’ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ ঐতিহ্যমণ্ডিত ডিমাকুছি আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু ভক্তিপ্ৰাণ ৰাইজৰ সহযোগত কাইলৈৰ পৰা ১০ ডিচেম্বৰলৈ পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ ৰাস উদযাপন সমিতিৰ সভাপতি শান্তনু সৰকাৰ আৰু সম্পাদক ৰমানাথ ৰয়ে জনোৱা কাৰ্যসূচী অনুসৰি, ধৰ্মধ্বজা উত্তোলন, প্ৰতিমা স্থাপন, পূজা, নাম-কীৰ্তন, বন্তি প্ৰজ্বলন, ছোৱালীৰ নাগাৰা নাম, বাউল সংগীত পৰিৱেশন, আনন্দ মেলা, সাংস্কৃতিক অনুষ্ঠান, আধুনিক নৃত্য প্ৰতিযোগিতা আদি ৷ আনহাতে, নাগাৰা নামৰ পাঠিকা তৰালী দেৱী (বাক্সা), মৰমী শইকীয়া (ছিপাঝাৰ), বৰষা ৰাণী দাস (কামৰূপ)ৰ নাগাৰা নাম প্ৰদৰ্শন আৰু মীনা বজাৰ ৷ দ্বিতীয় বৃন্দাবন-মথুৰাত পৰিণত হ’ব ডিমাকুছি ৷ অঞ্চলটোত বসবাস কৰা অসমীয়া, বড়ো, নেপালী, আদিবাসী, বাঙালী, গাৰো আদি জনগোষ্ঠীৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ’ব ডিমাকুছি ৷

 

প্ৰেৰক পৱন নাথ

You might also like